বুধবাৰে কুণ্ডলী-মানেচাৰ-পালৱাল (কেএমপি) এক্সপ্ৰেছৱেত (Kundli-Manesar-Palwal (KMP) Expressway) হাৰিয়ানাৰ ঝাজ্জৰৰ (Haryana’s Jhajjar) ওচৰত সংঘটিত এক কৰুণ পথ দুৰ্ঘটনাত (Tragic Road Accident) তিনিজন লোকে কৰুণ মৃত্যুক সাৱটি লয় (Three Workers Died) আৰু ১১জন লোক গুৰুতৰভাবে আহত (11 Workers Injured) হয়।
আহতসকলৰ ভিতৰত ১০জনক চিকিৎসাৰ বাবে স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (PGIMS) ৰোহতকলৈ প্ৰেৰণ কৰা হৈছে, আনহাতে এজন লোকক চিকিৎসাৰ বাবে বাহাদুৰগড়ৰ ট্ৰমা চেণ্টাৰত (Trauma Centre Of Bahadurgarh) ভৰ্তি কৰোৱা হৈছে।
মৃত ৩জন শ্ৰমিক আৰু আহত হোৱা ১১জন শ্ৰমিক কেএমপি এক্সপ্ৰেছৱেৰ (KMP Expressway) মেৰামতিৰ কামত নিয়োজিত আছিল। শ্ৰমিককেইজনৰ কাম শেষ হোৱাৰ পিছত ভাগৰি শ্ৰমিককেইজন ৰাস্তাৰ কাষতে শুই পৰিছিল।
পিছফালৰ পৰা তীব্ৰ গতিত অহা নিয়ন্ত্ৰণহীন ট্ৰাকখনে (An uncontrollable Truck) শুই থকা শ্ৰমিকসকলক খুন্দা মাৰিছিল। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। মৃত তিনিজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাহাদুৰগড় সাধাৰণ চিকিৎসালয়লৈ (Bahadurgarh General Hospital) প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/zubeen-garg-controversial-comment-in-assam/9116/
Discussion about this post