অভিযোগ অনুসৰি এজন ১৮ বছৰীয়া যুৱকে মধ্য প্ৰদেশৰ (Madhya Pradesh) ইন্দোৰত (Indore) অনলাইনত ছালফাজ(Salphaz)ৰ টেবলেট অৰ্ডাৰ কৰি খায়, তাৰ পিছত যুৱকজনে হেৰুৱাই প্ৰাণ। আৰক্ষীয়ে এতিয়া এই গোচৰটোত যুৱকজনৰ পিতৃৰ অভিযোগৰ ভিত্তিত ই-কমাৰ্চ কোম্পানী এমাজন (Amazon)লৈ জাননী প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে।
চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়
ছত্ৰিপুৰা আৰক্ষী থানাৰ এজন বিষয়াই শনিবাৰে কৈছিল যে, স্থানীয় ফল বিক্ৰেতা ৰঞ্জিত বাৰ্মাই আৰক্ষীৰ ওচৰত কৰা অভিযোগত অভিযোগ কৰিছিল যে তেওঁৰ জ্যেষ্ঠ পুত্ৰ আদিত্য বাৰ্মাই (১৮) বিগত মাহত এমাজন শ্বপিং ছাইটৰ পৰা অনলাইনত ছালফাৰ অৰ্ডাৰ দিছিল আৰু ২৯ জুলাইত সেই টেবলেট সেৱন কৰাৰ পিছত তাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।
ইয়াৰ পিছত যুৱকজনক এখন Charitable Hospitalত ভৰ্তি কৰোৱায়। কিন্তু ৩০ জুলাইত চিকিৎসাৰ সময়ত যুৱকজনে কৰুণ মৃত্যুক সাৱটি লয়।
বিহৰ অবৈধ যোগান
আৰক্ষীৰ ওচৰত কৰা এক অভিযোগত ফল বিক্ৰেতাই অভিযোগ কৰে যে এমাজনে গ্ৰাহকৰ প্ৰমাণিত নথিপত্ৰ পৰীক্ষা নকৰাকৈ তেওঁৰ পুত্ৰক অবৈধভাৱে ছালফাছ হিচাপে বিহ যোগান ধৰিছিল ৷
ছত্ৰিপুৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন সিংঘালে কয়, ‘আমি এই অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিছো আৰু প্ৰকৃত পৰিস্থিতি জানিবলৈ আমি এমাজনলৈ জাননী প্ৰেৰণ কৰিম ৷ এমাজনৰ উত্তৰৰ পিছতে উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিম।
‘Amazonৰ বাবে গ’ল পুত্ৰৰ জীৱন’
ইয়াৰ মাজতে ছালফাছ খাই আত্মহত্যা কৰা যুৱকৰ পিতৃ ৰঞ্জিত বাৰ্মাই কয়, ‘যদি মোৰ পুত্ৰক এমাজনে বিহ যোগান নধৰিলে হয়, তেন্তে তেওঁ আজি জীয়াই থাকিব পাৰিলেহেঁতেন।
আমি কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’ব বিচাৰো যাতে অনলাইন বিষাক্ত যোগান প্ৰতিহত হয় আৰু আন কোনো পিতৃয়ে তেওঁৰ পুত্ৰক হেৰুৱাব নালাগে।’
বাৰ্মাৰ মতে, কিছুমান লোকে তেওঁৰ পুত্ৰক ২ লাখ টকা দিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল, যাৰ ফলত তেওঁ মানসিক চাপত ভুগি আছিল।
Photo: Google
Discussion about this post