হিমালয়ৰ (সংস্কৃতৰ ‘হিম’ আৰু ‘আলয়’ – এই দুটা শব্দ মিলি ‘হিমালয়’ শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে ‘বৰফৰ ঘৰ’।) ৬১৯১ মিটাৰ ওখ ঔম পৰ্বত শৃংগটো বৰফশূন্য হৈ পৰাক লৈ উত্তৰাখণ্ড নাগৰিকসকল চিন্তিত হৈ পৰিছে। কেদাৰনাথ মন্দিৰতকৈ প্ৰায় দ্বিগুণ উচ্চতাৰ শৃংগটো প্ৰথমবাৰলৈ বৰফশূন্য হৈ পৰাত স্থানীয় লোকৰ লগতে বিজ্ঞানীও আচৰিত হৈছে। বিগত ৩-৪ দিন ধৰি স্থানীয় লোকে বৰফশূন্য শৃংগটোৰ ফটো তুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিচতে কি কাৰণে শৃংগটো বৰফশূন্য হ’ল তাক লৈ বিতৰ্ক আৰম্ভ হৈছে। একাংশৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই শৃংগটো বৰফশূন্য হৈছে। একাংশই আকৌ উত্তৰাখণ্ডৰ পিথোৰাগড় অঞ্চললৈ বিগত ২-৩ টা বছৰত গ্ৰীষ্মকালত পৰ্যটকৰ ভিৰৰ বাবেই শৃংগটোৰ এই দুৰ্দশা হৈছে বুলি দাবী কৰিছে। কিছুদিন পূৰ্বে দেৱেন্দ্ৰ বিষ্ট নামৰ এগৰাকী গৱেষকে বিশ্বৰ বিভিন্ন হিমবাহত পৰ্যটকৰ আগমনে বিৰূপ প্ৰভাৱ পেলোৱাৰ তথ্য সদৰী কৰিছিল। উল্লেখীয় যে বৰফ পৰাৰ ফলত সংস্কৃতৰ ঔমৰ আকৃতি লোৱাৰ বাবে শৃংগটোৰ নাম ঔম পৰ্বত ৰখা হৈছে।
Discussion about this post