শেহতীয়াকৈ দিল্লীৰ সকলোবোৰ চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠানত ম’বাইল নিষিদ্ধ কৰাৰ এক নিৰ্দেশনা জাৰি কৰিছে দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালকে ৷
এই তাৎক্ষণিক নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা ৰাজধানী ক্ষেত্ৰৰ প্ৰতিখন চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠা আৰু বিদ্যালয়ৰ চৌহদত ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ৷
ইতিমধ্যে এই সম্পৰ্কীয় ব্যৱস্থা কাৰ্যকৰী কৰণত দিল্লী চৰকাৰে মুকলি কৰে এক হেল্পলাইন নম্বৰ ৷ জৰুৰী অৱস্থাত শিক্ষার্থী, অভিভাৱকৰ সহায় হোৱাৰ বাবে বিশেষ নির্দেশনাও দিয়ে দিল্লীৰ কেজৰিয়াল চৰকাৰে ৷
Discussion about this post