আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ দিশে আলফা ৷ বুধবাৰে কাজিৰঙাৰ বচাগাঁওৰ ৱাইল্ড গ্ৰাছ ৰিজ’ৰ্টত কঁহৰাত অনুষ্ঠিত আলফাৰ সাধাৰণ পৰিষদৰ সভাৰ পিচতেই এই কথা প্ৰকাশ কৰিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷ সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত আছিল প্ৰায় দুশ সদস্য ৷
সংযুক্ত মুক্তি বাহিনী অসমৰ উপ-সভাপতি প্ৰদীপ গগৈ, কৰ্ণেল বিজু ডেকা উপস্থিত থকা সংবাদমেলত সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে, বোধহয় এইখনেই সংযুক্ত মুক্তি বাহিনী অসমৰ শেষ সভা৷ কাৰণ আলফা, ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ এমাহৰ পিচতেই ভংগ কৰা হ’ব আলফা ৷ আনুষ্ঠানিকভাৱে সংগঠনটো ভংগ কৰাৰ পিচত বৰ্তমানৰ এইসকল আলফা নেতা-সদস্যই ব্যক্তিগতভাৱে যিকোনো দল-সংগঠনত যোগ দিয়াৰ পূৰ্ণ স্বাধীনতা লাভ কৰিব ৷ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই লগতে কয় যে যিহেতু আলফা-চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া বৰ্তমান অন্তিম পৰ্যায়ত আছে আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাটো নিশ্চিত সেয়েহে সেই চুক্তিৰ এমাহৰ পিচতেই আনুষ্ঠানিকভাৱে আলফা ভংগ হ’ব ৷
ইতিমধ্যে আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই প্ৰস্তুত কৰা খচৰাখনক লৈ আজিৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা কৰা হয় আৰু সেই খচৰাত সাধাৰণ পৰিষদে অনুমোদন জনায় ৷ লগতে কৰ্ম পৰিষদৰ সহযোগত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হয় ৷
Discussion about this post