ৰাজস্থানৰ উদয়পুৰৰ লীলা পেলেচত অহা ২৪ ছেপ্টেম্বৰ দেওবাৰে অনুষ্ঠিত হ’ব পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান।
দৰা কইনাৰ বাবে সাজু কৰা লীলা পেলেচ হোটেলৰ বিশেষ কোঠাৰ এদিনৰ ভাড়া ১০ লাখ টকা। দুয়োগৰাকীৰ এই বিবাহ অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলৰ লগতে চিনেমা আৰু ৰাজনীতি জগতৰ বহু বিশিষ্ট ব্যক্তিও উপস্থিত থকাৰ কথা। বিবাহ অনুষ্ঠানৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। পঞ্জাৱ আৰু ৰাজস্থান আৰক্ষীৰ লগতে ১০০ ব্যক্তিগত খণ্ডৰ দেহৰক্ষী মোতায়েন কৰা হৈছে। যোৱা মে’ মাহত দিল্লীত দুয়োগৰাকীৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছিল।
Discussion about this post