২০২২ ৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ভেটৰনেৰী কাউন্সিল অফ ইণ্ডিয়াৰ (VCI) স্বীকৃতি। লখিমপুৰ জিলাৰ জহিঙত অৱস্থিত এই পশু চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে ভাৰত চৰকাৰে গেজেট নটিফিকেচনৰ জৰিয়তে এই অনুমোদন জনাইছে।
এই পশু চিকিৎসা মহাবিদ্যালয়খনত পাঠদান চলি আছিল যদিও ২০২২ চনতহে আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল। ইয়াৰ পাছত শেহতীয়াকৈ VCI ৰ স্বীকৃতিয়ে চিকিৎসা মহাবিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিলে।
ফলত এতিয়া মহাবিদ্যালয়খনে ইণ্ডিয়ান চেণ্টাৰ ফৰ এগ্ৰীকালচাৰ ৰিচাৰ্ছৰ আৰ্থিক অনুদান লাভ কৰিব।
Discussion about this post