আজি এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ভুল স্বীকাৰ কৰি কয়, ‘‘মোৰ ভৱিষ্যদ্বাণী ভুল হ’ল। এই ফলাফলে অসমৰ ৰাজনীতিত প্ৰভাৱ নেপেলায়। এই ফলাফলে ২৪ৰ নিৰ্বাচনতো প্ৰভাৱ নেপেলায়। আমি এইবাৰ লোকসভা নিৰ্বাচনত হাৰ নামানো।’’
ভূপেন বৰাই লগতে কয় যে সমগ্ৰ দক্ষিণ ভাৰত বিজেপিমুক্ত হৈছে। মিজোৰামত আমি বিজেপিতকৈ ৭-৮% ভোট বেছি পাম। ED, CBIক BJPয়ে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কৰি ভূপেন বৰাই কয়, ২৪ত এই সংস্থাবোৰক বিজেপিয়ে ব্যৱহাৰ কৰিব নোৱাৰিব।
সভাপতি গৰাকীয়ে লগতে কয়, ‘আমাৰ লোকসভাত নিৰ্বাচনী মূল ইছ্যু হ’ব দুৰ্নীতি। কাৰ, কিমান সম্পত্তি শীঘ্ৰে ৰাজহুৱা কৰিম। বদৰুদ্দিন আজমলক ধন্যবাদ জনাইছো, তেওঁ ৰাজহুৱাকৈ প্ৰমাণ কৰিলে BJPৰ এজেণ্ট বুলি।’
উল্লেখযোগ্য দেওবাৰে ঘোষণা কৰা চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল অনুসৰি, তিনিখন ৰাজ্য বিজেপিয়ে দখল কৰাৰ বিপৰীতে এখন ৰাজ্যত জয়লাভ কৰে কংগ্ৰেছে।
Discussion about this post