কিমান গভীৰ প্ৰেম আৰু শ্ৰদ্ধা থাকিব পাৰে এগৰাকী পত্নীৰ নিজ স্বামীৰ প্ৰতি। তাকে যেন প্ৰমাণ কৰি দেখুৱাইছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী মহিলাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পদ্মাৱতী নামৰ মহিলাগৰাকীয়ে তেওঁৰ মৃত স্বামীক সুৱঁৰি নিৰ্মাণ কৰি উলিয়াইছে এটি মন্দিৰ। যাৰ জৰিয়তে তেওঁ নিজ স্বামীৰ স্মৃতি জীয়াই ৰাখিব বিচাৰিছে। অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত বনোৱা মন্দিৰটোত পূজা কৰি থকা সময়ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
এটি পথ দূৰ্ঘটনাত মৃত্যু হোৱা স্বামীয়ে মহিলাগৰাকীক সপোনত দেখা দিছিল আৰু মন্দিৰ নিৰ্মাণৰ বাবে কয়, যাৰ ফলশ্ৰুতিত পদ্মাৱতীয়ে মন্দিৰটো নিৰ্মাণ কৰিছিল। প্ৰত্যেক শনিবাৰ, ৰবিবাৰ আৰু পূৰ্ণিমাত মন্দিৰত পূজা আগবঢ়োৱাৰ লগতে সকলোকে আহাৰ পৰিৱেশন কৰে।স্থানীয় লোকসকলে মন্দিৰটোত সেৱা লোৱাৰ পিছত তেওঁলোকৰ লগত ভাল হ’বলৈ গৈ থকাৰ নিচিনা অনুভৱ কৰে বুলি ব্যক্ত কৰে মহিলাগৰাকীয়ে।
Discussion about this post