এক ৰাজকীয় ইতিহাস বুকুত বান্ধি অজান দেশলৈ গ’লগৈ বিজুলী প্ৰসাদ।
শতবৰ্ষ গৰকা বিজুলী প্ৰসাদ আৰু নাই । মৃত্যু হ’ল বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতী বিজুলী প্ৰসাদৰ ।
সোমবাৰে শেষনিশা প্ৰায় ৩.৩০ বজাত মৃত্যু হয় শতবৰ্ষ গৰকা বিজুলী প্ৰসাদৰ।
বিশ্বৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো আছিল অসমৰ শোণিতপুৰ জিলাৰ বিহালী চাহ বাগানত। বৃটিছ উপনিবেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়সীয়াল হাতীটোৰ নাম ৰাখিছিল বিজুলী প্ৰসাদ ।
পূৰ্বে বিজুলী প্ৰসাদক ৰখা হৈছিল বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাওঁ চাহ বাগানত যদিও পিচলৈ জিলাখনৰে বিহালী চাহ বাগানৰ বাসিন্দা হ’ল বিজুলী প্ৰসাদ।
প্ৰায় ৮৬ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল এই হাতীটো। বৃটিছ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ।
মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী প্ৰসাদ এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক।
বিজুলী প্ৰসাদৰ খাদ্য তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমাণৰ গোমধান, বুটমাহ আআৰু সপ্তাহত কেইবাগাড়ীও কলগছ।
বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী।
Veterinary Doctor ডাঃ কে কে শৰ্মাৰ তত্বাৱধানত বিজুলী প্ৰসাদৰ নিয়মিত স্বাস্থ্য পৰীক্ষা চলিছিল। বিজুলিক পৰিচৰ্যা কৰোতে বছৰি ৬ লাখ টকা খৰচ হয়।
এই সমুদায় খৰচ বহন কৰিছিল চাহ কোম্পানীয়ে।
Discussion about this post