আজি পবিত্ৰ মহালয়া । ঘোঁৰাৰ পিঠিত উঠি ধৰালৈ নামিল সৃষ্টিৰ আদি দেৱী দুৰ্গা ।
মহালয়া উপলক্ষে বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে । দুষ্টক দমন কৰি দুৰ্গতসকলৰ ত্ৰাণকৰ্তা হৈ আহিব দুৰ্গতিনাশিনী ।
দুৰ্গা পূজাক লৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে ব্যাপক প্ৰস্তুতি । মৃণ্ময় শিল্পীসকলো ব্যস্ত প্ৰতিমাত অন্তিম পৰশ দিয়াত । মহালয়াৰ দিনৰ পৰাই পিতৃ পক্ষৰ অন্ত পৰি শুভাৰম্ভ হয় দেবী পক্ষ বা মাতৃ পক্ষৰ । আজিৰ দিনটোত পৰলোকগামী হোৱা পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ কামনা কৰি পিণ্ড দিয়া হয়। শুনা যায় যে, মহালয়াৰ দিনাই মৰ্ত্যবাসীৰ আহ্বানত দেৱী দুৰ্গা মৰ্ত্যলৈ নামি আহিছিল । সেইদিনাৰ পৰাই আৰম্ভ হৈছিল মহিষাসুৰ বধ পৰ্ব ।
দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল।
সৃষ্টিৰ আদি দুৰ্গা দেৱীৰ ৰূপ ন-বিধ। শাস্ত্ৰত বৰ্ণনা কৰামতে দেৱীৰ নামবোৰৰ হ’ল— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।
চলিত বৰ্ষত ২০ অক্টোবৰত ষষ্ঠীৰ বেদীত দেৱীক স্থাপন কৰোৱা হ’ব ৷ ২১ অক্টোবৰত সপ্তমী, ২২ অক্টোবৰত অষ্টমী, ২৩ অক্টোবৰত নৱমী আৰু ২৪ অক্টোবৰ দশমী দিনা ঘোঁৰাৰ পিঠিত মৰ্ত্যলৈ অহাৰ দৰে দুৰ্গা দেৱী ঘোঁৰাতেই স্বৰ্গলৈ উভতি যাব ৷




























Discussion about this post