বুধবাৰে নিশা প্ৰায় ২.৪৫ বজাত মুম্বাইৰ আন্ধেৰীত মুম্বাই নগৰ নিগমৰ পানীৰ পাইপ বিস্ফোৰণ হয়।
আন্ধেৰিৰ আদৰ্শ নগৰ পথৰ টুইংকল এপাৰ্টমেণ্টৰ সন্মুখত থকা বি এম চিৰ বৃহাদাকাৰ পানী যোগানৰ পাইপ বিস্ফোৰিত হয় ফলত পানীৰ ঢৌ এপাৰ্টমেণ্টৰ ৮ ৰ পৰা ১০ মহলীয়া মহলাৰ ওপৰলৈ উঠে ৷
বৃহনমুম্বাই (BMC) পৌৰ নিগমৰ এক বিবৃতি অনুসৰি হাইড্ৰলিক বিভাগে তৎক্ষণাত পাইপলাইনৰ ভিতৰত পানী যোগান বন্ধ কৰি দিয়ে আৰু লগে লগে মেৰামতিৰ কাম আৰম্ভ কৰে।
Discussion about this post