ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শেহতীয়া এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিঅ’ত একাংশ লোকে এজন ব্যক্তিৰ সামগ্ৰী চুৰি কৰাৰ দৃশ্য আবদ্ধ হৈছিল। দৰাচলতে ঘটনা দিল্লীৰ সদৰ বাজাৰ অঞ্চলৰ। প্রকাশিত বাতৰি অনুসৰি এজন ব্যক্তিয়ে সদৰ বাজাৰ হৈ খোজকাঢ়ি যোৱাৰ সময়তে কোনো ব্যক্তিয়ে তেওঁৰ গাত পাউদাৰ ঢালি দিছিল আৰু তাৰপাছতে উক্ত ব্যক্তিৰ শৰীৰত তীব্ৰ খজুৱতি হৈছিল।
উপায়হীন হৈ ব্যক্তিজনে এখন গাড়ীৰ আঁৰ লৈ নিজৰ ছাৰ্ট খুলি গা খজুৱাবলৈ ধৰাৰ সময়তে কেইজনমান লোকে ব্যক্তিজনক আগুৰি ধৰিছিল আৰু সুযোগ গ্রহণ কৰি এজন ব্যক্তিয়ে পীড়িত ব্যক্তিৰ সামগ্রী চুৰি কৰি নিয়ে। চুৰিৰ এই ঘটনা সদৰ বাজাৰ অঞ্চলৰ এখন দোকানৰ বাহিৰত থকা চিচি টিভি কেমেৰাত আবদ্ধ হৈছিল।
এই ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাছত দিল্লীৰ আৰক্ষীয়ে সতর্কতা জাৰি কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি দিল্লীত পুনৰ কুখ্যাত ‘খুজলি গেং’ সক্রিয় হৈছে আৰু চোৰৰ এই দলে নির্দিষ্ট ব্যক্তিক লক্ষ্য হিচাপে লৈ পথৰে অহা-যোৱা কৰা লোকৰ গালৈ খজুৱতি উঠা পাউদাৰ ঢালি তেওঁক লুটপাত কৰে।
প্ৰায় ১২ বছৰ পূৰ্বেও সদৰ বাজাৰত খুজলী গেঙে (Khujli Gang) একেধৰণে লুটপাত কৰি শিৰোনাম দখল কৰিছিল।
Discussion about this post