পুনৰ তামিলনাডুৰ ওপৰত হিন্দীই ভাষা জাপি দিয়াৰ অভিযোগ তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কে নেতা এম কে ষ্টেলিনৰ।
শুকুৰবাৰে (অক্টোবৰ ১৮, ২০২৪) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন পত্ৰত তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে কয় যে হিন্দী প্ৰচাৰ কাৰ্যসূচীৰ বাবে হিন্দীভাষী ৰাজ্যসমূহ বাছনি কৰা উচিত। এনে কাৰ্যসূচী অহিন্দী ভাষী ৰাজ্যৰ ওপৰত জাপি দিব নালাগে।
লগতে তেওঁ প্ৰধানমন্ত্ৰীলৈ লিখিছে যে ভাৰতৰ কোনো ভাষাই ৰাষ্ট্ৰীয় ভাষা নহয়। এই কথা সদায় মনত ৰখা উচিত।
ষ্টেলিনে এই চিঠিখন লিখাৰ কাৰণ আছিল চেন্নাই দূৰদৰ্শনৰ ৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে তাত হিন্দী মাহ পালন কৰাৰ সিদ্ধান্ত।
ষ্টেলিনে অভিযোগ কৰে যে এই সিদ্ধান্ত হিন্দী ভাষা জাপি দিয়াৰ চেষ্টাৰ বাহিৰে আন একো নহয়।
ইয়াৰ পূৰ্বে তেওঁ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে হিন্দী দিৱস উদযাপন কৰাৰ সিদ্ধান্তক লৈ আপত্তি উত্থাপন কৰিছিল। তেওঁৰ মতে হিন্দী ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষা।
শুকুৰবাৰে মোডীলৈ লিখা এখন পত্ৰত ষ্টেলিনে কয় যে কেন্দ্ৰই সকলো ধ্ৰুপদী ভাষাৰ প্ৰচাৰৰ বাবে উদ্যোগ ল’ব লাগে।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও বিজয়া দশমী সন্দৰ্ভত দিয়া ভাষণত কয় যে ভাৰতত কোনো এটা ভাষাক ৰাষ্ট্ৰীয় ভাষা বুলি ধৰি লোৱাটো সঠিক নহয়। সকলো ভাষাকে জাতীয় ভাষাৰ মৰ্যাদা দিব লাগে।
Discussion about this post