এয়াৰ ইণ্ডিয়াই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় গতিপথসমূহত ৰেহাই ভাড়াত যাত্ৰাৰ সুযোগ আগবঢ়াই আৰম্ভ কৰিছে “নমস্তে ৱৰ্ল্ড” শীৰ্ষক বিক্ৰি অভিযান। সীমিত সময়ৰ এই বিক্ৰী অভিযানৰ অধীনত অহা ৬ ফেব্ৰুৱাৰীৰ ভিতৰত ক্ৰয় কৰা টিকটেৰে ১২ ফেব্ৰুৱাৰীৰ পৰা ৩১ অক্টোবৰলৈকে যাত্ৰাৰ সুযোগ আগবঢ়াইছে এয়াৰ ইণ্ডিয়াই। প্ৰতিষ্ঠানটোৱে ঘোষণা কৰা অনুসৰি ঘৰুৱা গতিপথত ৱান-ৱে’ ৰ টিকটৰ প্ৰাৰম্ভিক ভাড়া হ’ব ১৪৯৯ টকা আৰু আন্তঃৰাষ্ট্ৰীয় গতিপথৰ ৰিৰ্টান টিকটৰ প্ৰাৰম্ভিক ভাড়া হ’ব ১২৫৭৭ টকা। এই ৰেহাই ইক’নমি, প্ৰিমিয়াম ইক’নমি আৰু বিজনেছ ক্লাছৰ টিকটত প্ৰযোজ্য হ’ব।
Discussion about this post