শুকুৰবাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত অসম কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ (Muslim Marriages and Divorces Registration Act, 1935) বাতিল কৰে। শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ (Assam Cabinet Meeting) সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ এই সিদ্ধান্তক UCCৰ দিশত লোৱা প্ৰথম পদক্ষেপ হিচাপে বিবেচিত হৈছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কয়, ‘‘২৩ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে অসম কেবিনেটে যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই আইনত বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত আছে য’ত দৰা-কইনাৰ আইনী বয়স ১৮ আৰু ২১ বছৰ নহ’লেও বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত কৰা আছিল। এই পদক্ষেপ অসমত বাল্যবিবাহ নিষিদ্ধ কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে।’’
Discussion about this post