দুৰ্গা পূজা সমাগত ৷ যেনিয়েই চাই তেনিয়েই পূজা-অৰ্চনা, চাকি-বন্তি, পোহৰ, বেলুন ইত্যাদি ৷ আৰু মাত্ৰ কেইদিনমানৰ পিচতে সকলোৱে উৎকণ্ঠাৰে বাট চাই ৰোৱা মা দুৰ্গাৰ মূৰ্তি পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা যাব ৷ শেহতীয়াকৈ এটি বিশেষ মূৰ্তি চৰ্চালৈ আহিছে ৷ বিশ্ববিখ্যাত বালি শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে কৰ্ণাটকৰ বীজাপুৰৰ বিলত বালি শিল্পৰ জৰিয়তে মূৰ্তি নিৰ্মাণ কৰি টিম ইণ্ডিয়াক শুভেচ্ছা জনাইছে । তেওঁ বিভিন্ন বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি বালিৰ ভাস্কৰ্য্য নিৰ্মাণ কৰে । এইবাৰ তেওঁ পাঁচ (৫০০০) হাজাৰ নেমু আৰু বালি ব্যৱহাৰ কৰি মা দুৰ্গাৰ মূৰ্তি ঐশ্বৰিক প্ৰতিৰূপ নিৰ্মাণ কৰিছে ।
মূৰ্তি নিৰ্মাণৰ লগতে ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপত টিম ইণ্ডিয়াৰ জয়ৰ কামনা কৰিছে (‘আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা’ #TeamBharat)। শুভকামনা জনাই তেওঁ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, ৰোহিত শৰ্মাক মা দুৰ্গাৰ পৰা আশীৰ্বাদ লোৱা দেখা গৈছে।
শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে কয় যে তেওঁ বালিৰ শিল্পত প্ৰথমবাৰৰ বাবে নেমু ব্যৱহাৰ কৰিছে ।
নেমুৰে মা দুৰ্গা ভাস্কৰ্য্যই , আকৰ্ষণ কৰে বিপুল জনসমাগম।
Discussion about this post