Historic : অসমত ভূটানৰ ৰজা । আজি পুৱা অসমত উপস্থতি হয় ভূটানৰ ৰজা জিগমে খেছাৰ ন্যামগাল ৱাংচুক (Jigme Khesar Namgyel Wanchuck)। LGBI Airport ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ ৰজাক উষ্ম আদৰণি জনায়।
গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ভূটানৰ ৰজা জিগমে খেছাৰ ন্যামগাল ৱাংচুয়ে (Jigme Khesar Namgyel Wanchuck) কামাখ্যা মন্দিৰ দৰ্শন কৰে ।
কামাখ্যা দেৱালয়ৰ ফালৰ পৰা ৰজা ৱাংচুক উপহাৰ হিচাপে দিয়া হয় কামাখ্যা মন্দিৰৰ আৰ্হিৰ প্ৰতীক।
জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যেৰে ৪ আৰু ৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ৰজা ৱাংচু কাজিৰঙাত উপস্থিত হ’ব। ভাৰতৰ চুবুৰীয়া দেশ ভূটানৰ পঞ্চমজন ৰজা জিগমে খেছাৰ ন্যামগাল ৱাংচুকে (Jigme Khesar Namgyel Wanchuck) ৰজা তথা ৰাজ পৰিয়ালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কালত যাতে কোনো ক্ৰুটি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা কৰা হৈছে।
অন্যহাতে ৰাজ্য চৰকাৰে কাজিৰঙালৈ ৰজাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহৰ সন্মুখত এক সাংকৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে। ইফালে ভূটানৰ ৰজাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ পৰ্যটকৰ বাবে অহা ৪ আৰু ৫ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত জীপ আৰু হাতী চাফাৰী বন্ধ ৰখাৰ কথা উদ্যান কৰ্তৃপক্ষই ঘোষণা কৰিছে।
Discussion about this post