নগাওঁ জিলাৰ FCIত সংঘটিত হৈছিল চাউল চুৰিৰ ভংয়কৰ ঘটনা । FCI গুদামৰ পৰা অহা চাউলভৰ্তি ট্ৰাক সমবায় গুদামৰ পৰিৱৰ্তে মাজবাটতে হৰলুকি হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল নগাঁও জিলাত। AS 01Y- 8481 নম্বৰৰ ট্ৰাকখনে ৰাজ্যৰ অসামৰিক যোগান বিভাগে দৰিদ্ৰ ৰাইজৰ বাবে যোগান ধৰা চাউল কঢিয়াই আনিছিল লাহৰীঘাট সমবায়লৈ।
কিন্তু মাজবাটতে ১০৪ বস্তা চাউল বিক্ৰী কৰে গাড়ীৰ চালকজনে। এই চোৰাং চাউল ক্ৰয় কৰিছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ নেতা তথা নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক ওৰফে ছেলিম আৰু ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ নেতা হান্নান চৰকাৰে।
লগতে এই চাউল চুৰি কাৰ্যত জড়িত আছে ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সম্পাদক জেহিৰুল ইছলামো। এই সন্দৰ্ভত ধিং আৰক্ষীয়ে কংগ্ৰেছী নেতা ছেলিমৰ ঘৰত তালাচী চলাই ১২ বস্তা FCIৰ চাউল উদ্বাৰ কৰাৰ লগতে যুৱ কংগ্ৰেছৰ নেতা তথা ছেলিমৰ ভাতৃ জেহিৰুল ইছলাম আৰু আজমল হুছেইন নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে যদিও আবুবক্কৰ ছিদ্দিক ওৰফে ছেলিম বৰ্তমানলৈকে পলাতক হৈ আছে।
উল্লেখ্য, কংগ্ৰেছী নেতা ছেলিমে ক্ৰয় কৰিছিল ১২ বস্তাকৈ চোৰাং চাউল আৰু এ আই ইউ ডি এফৰ নেতি হান্নাৰে ক্ৰয় কৰিছিল ৯২ বস্তাকৈ FCIৰ এই চোৰাং চাউল। বৰ্তমানেও পলাতক হৈ আছে হান্নান চৰকাৰৰ লগতে আবুবক্কৰ ছিদ্দিক।
এই সন্দৰ্ভত ধিং আৰক্ষীয়ে আটক কৰা লোক দুজনৰ বিৰুদ্ধে 229/21 নম্বৰত 407/420 ধাৰাত এটি গোচৰ ৰুজু কৰি দুই অভিযুক্তক জেললৈ প্ৰেৰণ কৰে যদিও বৰ্তমানেও চোৰাং চাউলখিনিৰ লগতে দুই মূল অভিযুক্ত ক্ৰমে আবুবক্কৰ ছিদ্দিক আৰু হান্নান চৰকাৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
বৰ্তমান এই চাউল চুৰি কাণ্ডৰ মূল অভিযুক্তসহ হান্নান চৰকাৰ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। এই ক্ষেত্ৰত আৰক্ষীৰ সন্দেহজনক ভূমিকাক লৈ প্ৰশ উখাপন কৰিছে বিভিন্ন মহলে। অতি শীঘ্ৰেই দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবৈ দাবী উত্থাপন কৰিছে বিভিন্ন দল-স’গঠনৰ লগতে এজাহাৰকাৰীয়ে ৷
Photo & Input: ছাইদুল ইছলাম
Discussion about this post