নগাঁও (Nagaon) জিলাৰ কামপুৰৰ (kampur) বনপালি গাঁৱৰ যুৱক দীপাংকৰ ওৰফে দিগন্ত গোৱালা (২৫), নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা (২৫) আৰু হোজাই জিলাৰ পটিয়াপামৰ তন্ময় বৰাৰ (১৯) আলফা (স্বাধীন)ত (Ulfa-I) যোগদানৰ সন্দেহ।
সংবাদ মাধ্যমত প্ৰচাৰিত ফটো চাই নিশ্চিত কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে আৰক্ষীৰ তদন্ত আৰম্ভ। তিনিও যুৱকৰ পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। যমুনামুখৰ তন্ময় বৰাৰ পিতৃয়ে নিশ্চিত কৰিছে পুত্ৰ আলফা (স্বাধীন)ত (Ulfa-I) যোগদানৰ কথা। মাতৃৰ হিয়া উজাৰি কান্দোনত ভাগি পৰিছে।
উল্লেখযোগ্য যে এসপ্তাহৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল তিনিও যুৱক। তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে তিনিও। সংবাদমাধ্যম যোগে অসম চৰকাৰ আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ পৰিয়ালৰ কাতৰ আহ্বান, আমাৰ ল’ৰা কেইটাক সু-শৰীৰে ঘৰলৈ পঠিয়াই দিয়ক।
Photo & Input: আমিনুল হক
Discussion about this post