বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে (Friend Killed Friend)। মুকুন্দ সুত্ৰধৰৰ চুৰিকাঘাতত প্ৰাণ গ’ল (Murder Case) বন্ধু অজয় নাথৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ শালমাৰা আৰক্ষী (North Salmara Police) থানাৰ অন্তৰ্গত ধুলাউৰাত। বৃহস্পতিবাৰে পুৱতি নিশা ৩ বজাত সংঘটিত হয় এই ঘটনা।
নিশা দুয়ো বন্ধুৱে সুৰাপান কৰি থকা অৱস্থাত হত্যাকাৰী (Murder) মুকুন্দ সুত্ৰধৰে বন্ধু অজয় নাথৰ বাইকৰ তেল পৰিবাহী পাইপ খুলি দিয়াত দুয়ো বন্ধুৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।
সংঘাতৰ মাজতে মুকুন্দই অজয়ৰ পেটত চুৰিৰে আঘাট কৰাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় (Critically Injured) অজয় নাথ। সংকটজনক অৱস্থাত অজয় নাথক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও কৰুণ মৃত্যুক (Tragic Death) সাৱটি লয় যুবকজনে।
সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযান চলাই চিকিৎসালয়ৰ পৰা পলাবলৈ চেষ্টা কৰোতেই হত্যাকাৰী মুকুন্দ সুত্ৰধৰক আটক কৰে উত্তৰ শালমাৰা আৰক্ষীয়ে।
Photo & Input: Saurav
Published By: Dulu Medhi
Discussion about this post