বাক্সাৰ জাখলিবিলত ওলাইছে মুন্না ভাই এম বি বি এছ। এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত মুন্নাভাইক জেলেলৈ প্ৰেৰণ। মুন্নাভাই MBBS ৰূপী চিকিৎসকগৰাকীৰ নাম সমীৰ কুমাৰ ৰয় ৷
পশ্চিমবংগৰ মালদহ জিলাৰ আলিপুৰ গাঁৱৰ এই গৰাকী মুন্না ভাই এম বি বি এছে গৰাকীয়ে এগৰাকী মহিলাক বিয়া পাতি স্থায়ীভাৱে জাখলিৰপাৰত বসবাস কৰি মুন্না ভাই এম বি এছ এছ হিচাপে চিকিৎসা চলাই আহিছিল ৷

জাখলিৰপাৰত এখন ফাৰ্মাচী খুলি নিজেই চিকিৎসক হিচাপে লোকক চিকিৎসা কৰিছিল ৷ নিজৰ ফাৰ্মাচীত নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ ডা° এছ কে ৰয় বুলি এখন চাইনবোৰ্ড আঁৰি দীৰ্ঘ দিনৰে পৰাই চিকিৎসা সেৱা কৰিছিল ভুৱা এম বি বি এছ গৰাকীয়ে ৷
এই গৰাকী মুন্না ভাই এম বি এছ সমীৰ কুমাৰ ৰয়ে কেবাজনো মহিলাৰ গৰ্ভত থকা ভ্ৰূণ ভুল চিকিৎসাৰ জৰিয়তে নষ্ট কৰি পেলোৱাৰ লগতে আন কেইবাগৰাকীও মহিলাক কৰা ভুল চিকিৎসাৰ ফলত অনাগত দিনত গৰ্ভধাৰণ কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱা বুলিও অভিযোগ উত্থাপন হৈছে ৷
ইয়াৰোপৰি এই গৰাকী স্বয়ম্ভু ভণ্ড তথা ভুৱা মুন্না ভাই এম বি এছ সমীৰ কুমাৰ ৰয়ে অমল কুমাৰ সৰকাৰ নামৰ এগৰাকী শিক্ষকৰ পত্নীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰি তেওৰ পত্নীৰ সৈতে যৌন কাৰ্যতো লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰিছে ৷
শিক্ষকগৰাকীৰ পত্নীৰ লগত অবৈধ সম্পৰ্ক গঢ়ি শিক্ষকগৰাকীৰ পত্নী তথা দুটিকৈ সন্তানৰ মাতৃক ফুচুলাই শিক্ষক জনৰ ঘৰৰ পৰা খেদি মহিলাগৰাকীক মাকৰ ঘৰত পঠাই দিয়াৰ দৰে জঘন্য ঘটনা সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ স্বামীয়ে ৷
শিক্ষকজনৰ পত্নীৰ ভুৱা এম বি বি এছ সমীৰ কুমাৰ ৰয়ৰ লগত গঢ়ি উঠা অবৈধ সম্পৰ্কৰ বাবে মহিলাগৰাকীৰ মাকৰ ঘৰত পঠাই দিয়াত বৰ্তমান শিক্ষক গৰাকীয়ে দুটি নাবালিকা সন্তানৰ সৈতে যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷
ভণ্ড তথা ভুৱা এম বি বি এছ গৰাকীৰ বিৰুদ্ধে শিক্ষক অমল কুমাৰ সৰকাৰে আৰক্ষীক এজাহাৰ দিয়াত শিমলাগুৰী আৰক্ষী বিষয়া আকাশ ৰয়ৰ নেতৃত্বত শিমলাগুৰী আৰু গোৱৰ্ধনা আৰক্ষীয়ে মুন্না ভাই এম বি বি এছ সমীৰ কুমাৰ ৰয়ক কৰায়ত্ত কৰি মঙলবাৰে জেললৈ প্ৰেৰণ কৰে ৷
Photo & Input: জাহিৰুল ইছলাম




























Discussion about this post