সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে অসমৰ দুয়োটা কাগজ কলৰ ভূমিত উপলব্ধ খাৰুৱা তেল, প্ৰাকৃতিক গেছৰ মূল্য নিৰ্ধাৰণ নকৰাকৈ নিবিদা প্ৰক্ৰিয়া চলাই লৈ যোৱা প্ৰক্ৰিয়াৰ সন্দৰ্ভত সোমবাৰে সংসদৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
উল্লেখ্য যে, জাগীৰোডস্থিত নগাঁও কাগজ কল আৰু পঞ্চগ্ৰামস্থিত কাছাৰ কাগজ কল দুটাৰ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰে মাজতে, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংসদত সোমবাৰে হাইলাকান্দি জিলাৰ হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ লিমিটেডৰ অধীনস্থ বন্ধ কাছাৰ কাগজ কলটোৰ ভূমিত অৱস্থিত হাইড্ৰ’কাৰ্বনৰ ভাণ্ডাৰসমূহত থকা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উপস্থিতি আৰু উৎপাদনৰ সম্পৰ্কে প্ৰশ্ন উত্থাপিত কৰে।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ললৈ সোধা সাংসদগৰাকীৰ প্ৰশ্নৰ উত্তৰত পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ মন্ত্ৰণালয়লৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উত্তৰত কয় যে, হাইলাকান্দি জিলাৰ বদৰপুৰ খণ্ডলৈ বিস্তৃত হৈ থকা বন্ধ কাছাৰ কাগজ কলৰ ভূমিত ২.৪ বৰ্গ কিলোমিটাৰ জুৰা এলেকাত পেট্ৰ’লিয়াম খননৰ বাবে ONGCয়ে ভূমি লিজত ৰাখিছে।
তাৰোপৰি ১৯৮৬ চনৰ ২০১২ চনলৈ পঞ্চগ্ৰাম কাগজ কলৰ ভূমিত অৱস্থিত বদলপুৰৰ উক্ত খনিজ তেল ভাণ্ডাৰ পৰা ONGCয়ে ০.০১৮১ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল উৎপাদনৰ তথ্য উল্লেখ কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
তাৰোপৰি মন্ত্ৰীগৰাকীয়ে বৰ্তমানে বদৰপুৰৰ উক্ত খাৰুৱা তেলৰ উৎপাদন কাৰ্য কাৰিকৰীকৰণৰ বাবে বন্ধ হৈ থকাৰ তথ্য সদনত সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য ২০২১ বৰ্ষৰ পহিলা এপ্ৰিলৰ ভিতৰত আনুমানিক তথ্য অনুসৰি প্ৰায় ০.০৩৫৫ মিলিয়ন মেট্ৰিক টন খনিজ পদাৰ্থ বদৰপুৰৰ তৈল খাদত উপলব্ধ আছে, ইয়াৰে সম্ভাব্য ০.০১৭৪ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল সক্ৰিয় অৱস্থাত থকাৰ কথা উত্তৰত উল্লেখ কৰে।
তাৰোপৰি কাছাৰ কাগজ কলৰ ভূমিত ONGCৰ হাইড্ৰ’কাৰ্বনৰ ভাণ্ডাৰ লিজত ৰখাৰ বাবে বৰ্তমানে ONGCয়ে হিন্দুস্তান পেপাৰ কৰ্পৰেচন লিমিটেডক ৰয়েলিটি বা আন মূল্য প্ৰদান কৰি আছেনে নে নাই জানিব বিচৰাত সাংসদ বৰদলৈয়ে জানিব বিচাৰে। মন্ত্ৰী তেলীয়ে উত্তৰত কয় যে, ২০১৯ চনৰ মাৰ্চ মাহলৈ ONGCয়ে ইয়াৰ বাবদ HPCক ভূমিৰ ভাৰা প্ৰদান কৰি আহিছিল। তাৰ পৰিৱৰ্তে কাগজ কলৰ ভূমিত উৎপাদন কাৰ্য চলাই লৈ যোৱাৰ বাবে ONGCৰ পৰা ৰয়েলিটি লাভ কৰিছিল ৰাজ্য চৰকাৰে।
Photo: Google
Discussion about this post