প্ৰায় ডেৰ বছৰৰ মূৰত দুদিনৰ বাবে মুকলি আকাশৰ তললৈ বিধায়ক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ। মাতৃ আৰু পুত্ৰক সাক্ষাত্ কৰিবলৈ দুদিনৰ বাবে অখিল গগৈক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিলে NIA আদালতে।

শুকুৰবাৰে নিশা গুৱাহাটীৰ নিজৰাপাৰস্থিত নিজা বাসগৃহত উপস্থিত হৈ সাক্ষাত্ কৰে পত্নী আৰু পুত্ৰক। নিশাটো গুৱাহাটীৰ ঘৰতে থাকি শনিবাৰে পুৱা অখিল গগৈয়ে মাতৃক সাক্ষাতৰ বাবে যোৰহাটলৈ ৰাওনা হয়।
ইফালে যোৰহাটলৈ যোৱাৰ সময়ত সাংবাদিকৰ আগত অখিল গগৈয়ে কয় যে, ‘পুত্ৰৰ মানসিক অৱস্থা ঠিক নাছিল। নিশাটো ল’ৰাটোৰ লগতে কটালো। আৰক্ষীৰ সৈতে যাবলগীয়া হোৱাত তাক যোৰহাটলৈ লগত লৈ যাব নোৱাৰিলো। এতিয়া দেখি অহাটোৱেই শেষ দেখা হ’ল।’
Photo: Khatang Khobor




























Discussion about this post