মানৱ জাতিক ‘জীৱশ্ৰেষ্ঠ’ বুলি কোৱা হয়। পৃথিৱীৰ সকলো জীৱ-জন্তুতকৈ একেবাৰে ওপৰত স্থানত আছে আমাৰ মানৱ জাতি। কিন্তু কেতিয়াবা কিছুমান মানুহৰ বাবে এই ‘জীৱশ্ৰেষ্ঠ’ মানৱ জাতিটোক লৈ সকলোৰে আহে ঘৃণা। আমি মানুহ, কথা ক’ব পাৰো। মুখ আছে। কেতিয়াবা দেহৰ কোনো অংগত আঘাত পালে আমি মুখ খুলি ক’ব পাৰো বা আমাৰ চাৰিওফালে থকা, ভালপোৱা মানুহে
আমাক সংগ দিয়ে সেই পৰিস্থিতিত। কিন্তু জন্তুৱে মুখ খুলি কথা ক’ব নোৱাৰে সেয়া ভগৱানৰে দান। কিন্তু আমি মানুহ হয়, আমিয়েই যদি নিকৃষ্ট কাণ্ড কৰো তেন্তে জীৱশ্ৰেষ্ঠ হোৱাৰ কোনো যোগ্যতা নাই।
Watch Video-
এই কথাখিনি কোৱাৰ আঁৰত আছে এটা ভিডিঅ’ (Watch Video)। এই ভিডিঅ’টো বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ হয়। ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ (Guwahati) লালগণেশৰ (lalganesh) জ্যোতিকুছিত। যিটো বৰ্বৰ ভিডিঅ’ আপুনি দেখা পাই আছে সেই ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বহুতে এই ভিডিঅ’টোক লৈ ৰিপৰ্ট কৰিছে যাতে দোষীয়ে শাস্তি পাই। মঙলবাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে Dog Rescue কৰা টিয়ানা কাশ্যপ (Tiana Kashyap) নামৰ এগৰাকী যুৱতীয়ে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ভিডিঅ’টো (Instagram Share Video)।
ভিডিঅ’টো দেখা পোৱা গৈছে যে- এটা সৰু কুকুৰৰ পোৱালি (Dog Lovers)। মুন থাপা (Moon Thapa) নামৰ এজন লোকৰ সৈতে খেলি আছে। খেলোতে-খেলোতে সি লোকজনক কামুৰিব চেষ্টা কৰে। কাৰণ সৰু হয়। কিন্তু এই নিৰ্দয়ী লোকজনৰ কাণ্ড দেখিলে আপোনাৰো উঠিব খং। পোৱালিটোৱে কামুৰিবলৈ চেষ্টা কৰাৰ বাবে লোকজনে প্ৰথমে হাতেৰে তাক গটা মাৰি দিয়ে। কিন্তু ইমানটো ক্ষান্ত নাথাকি লোকজনে তাক লাঠিৰে লাঠিৰে মৰিয়াই মৰিয়াই মাৰি পেলাই। এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে টিয়ানা কাশ্যপৰে কোনো সহযোগীয়ে মুন থাপা নামৰ লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ওডালবাক্ৰা আৰক্ষী থানাত (Udalbakra Police)। গোচৰৰ ভিত্তিত সেই লোকজনক গ্ৰেপ্তাৰ (Arrest) কৰা হয়। কিন্তু হয়টো পৰৱৰ্তী সময়ত জামিনত লোকজন মুকলি হ’ব পাৰে। এতিয়া খাটাং খবৰৰ (Khatang Khobor) দৰ্শকসকলক এটাই অনুৰোধ জনালো যে লোকজনে কোনো কাৰণতে জামিন লাভ নকৰে। কুকুৰটোৰ ন্যায় আৰু শান্তি আপোনালোকৰ হাতত। দাবী জনাওক এই নিৰ্দয়ী লোকজনৰ উচিত শাস্তিৰ বাবে।
পোষ্টটো যিমান সম্ভৱ শ্বেয়াৰ কৰক যাতে দোষীয়ে উচিত শাস্তি লাভ কৰে।
Photo & Video: Tiana Kashyap
Published By- Dulu Medhi
Discussion about this post