দেওবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। পামহিৰ দীপৰ বিল অঞ্চলত থকা ২২০ কেভি হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটাত উঠিল এজন লোক। খুঁটাটোৰ ওপৰত উঠি থকা দেখি স্থানীয় ৰাইজৰ মাজত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। লোকজনক এনেদৰে উঠি থকা দেখি ৰাইজে ততালিকে আৰক্ষীক খবৰ দিয়ে।
খবৰ পোৱা লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু SDRFৰ দল। লগতে ঘটনাস্থলীত উপস্থিত হয় শক্তিমন্ত্ৰী বিমল বৰা। উপস্থিত আৰক্ষী আৰু SDRFয়ে লোকজনক তললৈ নমাই আনিবলৈ সক্ষম হয়।
লোকজনৰ নাম প্ৰদীপ দাস আৰু তেওঁ হাজোৰ বাসিন্দা। লোকজন আমবাৰীস্থিত ঔষধৰ এটা গুদামৰ কৰ্মচাৰী। সংবাদ মাধ্যমে লোকজনক খুঁটাৰ ওপৰত কিয় উঠিছে সেই প্ৰশ্ন সুধোতে লোকজনে কয় যে, কামৰ পৰা উভতি আহি থাকোতে ৪ জন লোকে খেদি আহিছিল। যাৰ বাবে ভয়ত বিদ্যুতৰ খুঁটাত উঠিছিল তেওঁ। দিনৰ ১২ বজাতেই বিদ্যুতৰ খুঁটাটোত উঠিছিল বুলিও তেওঁ জনায়।
লোকজনৰ উদ্ধাৰ কাৰ্যত সন্মুখৰ পৰা নেতৃত্ব দিয়ে শক্তিমন্ত্ৰী বিমল বৰাই। কেৱল ইমানেই নহয়, তেওঁ লোকজনক উদ্ধাৰৰ পাছতেই নিজৰ গাড়ীৰে থানালৈও লৈ আনে।
Photo: Facebook
Discussion about this post