খুচুৰা পইচাৰে হাফিজুৰ আকন্দে কিনিলে স্কুটী। উত্তৰ বৰপেটাৰোডৰ (Barpeta Road) গোৱৰ্ধনাৰ হাফিজুৰ আকন্দে খুচুৰা পইচাৰে ক্ৰয় কৰিলে এখন স্কুটী। এক ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া হাফিজুৰৰ আছিল এখন দুচকীয়া বাহন ক্ৰয় কৰাৰ সপোন ৷ কিন্তু ইমানখিনি টকা একেলগে দিয়াৰ সামৰ্থ্য নাছিল হাফিজুৰৰ বাবে।
সেয়ে হাফিজুৰে উপাৰ্জনৰ খুচুৰা পইচাকেই সঞ্চয়ৰ বাবে এক অভিনৱ পন্থা হিচাপে হাতত লৈ আজি ক্ৰয় কৰিবলৈ সক্ষম হয় সপোনৰ স্কুটীখন। এটকীয়া, দুটকীয়া আৰু দহ টকীয়া মুদ্ৰা প্ৰায় এবছৰ ধৰি জমা কৰি কৰি হাফিজুৰে সঞ্চয় কৰিলে ২২ হাজাৰমান টকা।

পাছত সেই টকা লৈ হাফিজুৰে শ্ব’ৰুমলৈ গ’ল ৷ প্ৰায় ৩ৰ পৰা ৪ ঘণ্টা মান শ্ব’ৰুমৰ কৰ্মচাৰীয়ে মুদ্ৰাবোৰ গণনা কৰি অৱশেষত ডাউন পেমেণ্টত হাফিজুৰক প্ৰদান কৰিলে এখন স্কুটী ৷ এনেদৰে নিজৰ সপোন পূৰণ কৰি আজি অত্যন্ত সুখী হাফিজুৰ।
Photo & Input: Khatang Khobor




























Discussion about this post