দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো (Assam) ক’ভিড ৰোগী চিনাক্ত হোৱাৰ পাছতে ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। আজি দুলিয়াজানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) সাংবাদিকৰ আগত কয়, অমিক্ৰণৰ (Omicron) ভয়াবহতা অকণমান বৃদ্ধি পাইছে। লকডাউনৰ (Lockdown) সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লকডাউনটো (Lockdown) আমি যোৱাবাৰো কৰা নাই। লকডাউনৰ সম্ভাৱনা নাই কিন্তু কেনেদৰে মুখামুখি হম সেয়া কাইলৈ বৈঠকত আলোচনা কৰা হ’ব। অমিক্ৰণ খুব সোনকালে বিয়পে। গতিকে কিছু নিয়ম নীতিৰ-মাজেৰে চলিব লাগিব। কিন্তু লকডাউন বা আমাৰ জীৱিকাৰ ক্ষেত্ৰত অসুবিধা নোহোৱাকৈ আমি আগবাঢ়িব লাগিব।
নতুন sop ৰূপায়ণক লৈ কাইলৈ অৰ্থাৎ ৬ জানুৱাৰীত গুৱাহাটীত (Guwahati) আলোচনাত বহিব চৰকাৰ। অসমত লকডাউন নহ’লেও নতুন Sop দিয়াৰ ইংগিত বহন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Photo & Input: Khatang Khobor
Discussion about this post