পুনৰ সুৰাই (Liquor) ৰচিলে অভিলেখ। ক’ৰোনাৰ প্ৰকোপৰ মাজতো ভোগালী বিহুৰ (Bhogali Bihu) আনন্দৰ উলাহে পাৰ ভাঙি গ’ল সমগ্ৰ ৰাজ্য। উৰুকাৰ দিনা ব্যাপক হাৰত বিক্ৰী হ’ল বিলাতী সুৰা। সুৰাৰ বিক্ৰীয়ে ৰাজ্যত নতুন অভিলেখ ৰচিলে উৰুকাৰ দিনটোত। গুৱাহাটী মহানগৰীত (Guwahati City) অভিলেখ গঢ়িলে সুৰাই (Liquor)। উৰুকাৰ (Uruka Night) ভোজৰ নামত মহানগৰীত সুৰাপায়ীয়ে ব্যাপক হাৰত কিনিলে সুৰা। কেৱল মহানগৰীতে ২ .৭৫ কোটি টকাৰ সুৰা কিনিলে সুৰাপায়ীয়ে।
উল্লেখ্য নতুন বছৰক আদৰাৰ সময়ত ৩১ ডিচেম্বৰৰ নিশাও সুৰাৰ বিক্ৰীয়ে অভিলেখ ৰচিছিল। সেইদিনটোত সুৰাপায়ীসকলে কেৱল মহানগৰীতে প্ৰায় ৬ কোটি ২২ লাখ টকাৰ সুৰা বিক্ৰী হৈছিল।
প্ৰকাশিত তথ্য অনুসৰি ৩১ ডিচেম্বৰতে কেৱল মাত্ৰ এটা দিনতে তাকো কেৱল গুৱাহাটী মহানগৰীতে ৫.৯৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।
Photo: Google





























Discussion about this post