সুৰাপায়ী সকলৰ বাবে নিশ্চয়কৈ দুঃখবৰ! ১০ ডিচেম্বৰ শুকুৰবাৰৰ পৰা ৰাজ্যত ১৫ শতাংশলৈ সুৰাৰ মূল্য (Liquor Price Hike) বৃদ্ধি পাব। অসম চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা কৰ হ্ৰাসৰ ক্ষতিপূৰণ হিচাপে আবকাৰী শুল্ক (Excise Tax) বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ বাবে আবকাৰী শুল্ক (Excise Tax) বৃদ্ধিৰ ফলত ১০ ডিচেম্বৰৰ পৰা সুৰাৰ মূল্য ১৫ শতাংশলৈ বৃদ্ধি পাব।
অৱশ্যে সকলো সুৰাৰ ক্ষেত্ৰতে মূল্য বৃদ্ধি নাপায়। বীয়েৰ আৰু ৱাইনত কোনো কোনো অতিৰিক্ত কৰ আৰোপ কৰা নাই ৰাজ্য চৰকাৰে। কেৱল অধিক মূল্যৰ সুৰাৰ ক্ষেত্ৰতহে কৰ আৰু অধিক বৃদ্ধি পাব।
ৰাজ্যৰ আবকাৰী বিভাগে ৪ ডিচেম্বৰত এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি, ভাৰতত নিৰ্মিত বিয়েৰ, ৰাম, হুইস্কীসহ সকলো ব্ৰেণ্ডৰ সুৰাৰ মূল্যবৃদ্ধি (Liquor Price Hike) কৰা হৈছে। পেট্ৰ’ল–ডিজেলত ভেট হ্ৰাস কৰাৰ পিছত এইবাৰ চৰকাৰৰ চকু সুৰাৰ ওপৰত। ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি পূৰণ কৰাৰ লক্ষ্যৰে সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।
বৰ্তমানে অসম চৰকাৰে ৰাজ্যৰ কিছু কিছু ঠাইত সুৰাৰ দোকান খোলাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমানে ৰাজ্যত মুঠ ১২৩৪ খন সুৰাৰ দোকান আছে। ইয়াৰে ভিতৰত গুৱাহটী মহানগৰতেই সুৰাৰ বিপনীৰ সংখ্যা ৩১৮ খন। আনহাতে বাৰৰ সংখ্যা ৰাজ্যত সৰ্বমুঠ ৯৯৬ খন।
Photo: Khatang Khobor
Discussion about this post