লামডিং বনাঞ্চলৰ (Lumding Forest) ভূমি বিক্ৰী কৰা নজৰুলক গ্ৰেপ্তাৰ (Arrest)। হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নিৰ্দেশৰ পিছতেই আৰক্ষীয়ে ধৰিলে ভূ-মাফিয়া (Land Mafia) নজৰুলক। নিশা গোপন সূত্ৰ পম খেদি নজৰুলক সম্ভেদ পাইছিল আৰক্ষীয়ে। তাৰ পিছতেই হোজাই আৰক্ষীয়ে (Hojai Police) গ্ৰেপ্তাৰ কৰে নজৰুলক।
নজৰুলৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নজৰুলৰ সহযোগী আনোৱাৰ নামৰ আন এজন লোককো।
লামডিং বনাঞ্চলত বহুদিন ধৰি মাটিৰ দালালি কৰা নজৰুল ইছলামক অৱশেষত লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লামডিঙৰ চৰকাৰী ভুমিত নজৰুলে সহযোগীৰ সৈতে মাটিৰ দালালি কাম কৰিছিল।
ধনৰ বিনিময়ত চৰকাৰী ভূমিত সংস্থাপন দিছিল বহু বেদখলকাৰী লোকক। বনাঞ্চলখনৰ ৫০০ হেক্টৰ ভূমিত হালধিৰ খেতি কৰাৰ বাবে নজৰুলে সংস্থাপিত কৰিছিল বহুকেইটা পৰিয়ালক।
কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই উল্লেখ কৰিছিল নজৰুল ইছলাম নামৰ লোকগৰাকীয়ে লামডিং সংৰক্ষিত বনাঞ্চলখনত ধনৰ বিনিময়ত বহু লোকক সংস্থাপিত কৰাৰ কথা।
Photo: নিপন থাউচ্ছেন
Discussion about this post