বৰপেটা সদৰ থানাৰ অন্তৰ্গত গৰেমাৰী গাৱত লোমহৰ্ষক হত্যাকাণ্ড (Murder)। ভূমি বিবাদক (Land Clash) কেন্দ্ৰ কৰি সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷ দলৱদ্ধ আক্ৰমণত (Group Attack) দুই ভাতৃৰ মৃত্যু ৷
নিহত সুৰপান আলী (৪৫) আৰু জলিল আলী (৩৫)৷ আজি পুৱা সুৰপান আলীৰ ঘৰত সংঘটিত হৈছিল হত্যাকাণ্ডটো ৷
সমীপৱৰ্তী চৰকপাৰা গাঁৱৰ পৰা অহা প্ৰায় ৪০ জনীয়া দুৰ্বৃত্তৰ দলে গৰৈমাৰী গাঁৱৰ সুৰপান আলীৰ ঘৰ সম্পূৰ্ণৰূপে চাৰিওপিনৰ পৰা ঘেৰাও কৰি লয় ৷ তাৰপিছতে দুই ভাতৃৰ ওপৰত দলবদ্ধ আক্ৰমণ চলায় দলটোৱে ৷
দা, জোং, লাঠী আদিৰে চলোৱা দলবদ্ধ আক্ৰমণত সুৰপান আলী আৰু জলিল আলী নামৰ ২ ভাতৃয়ে থিতাতে প্ৰাণ হেৰুৱায় ৷
এই ঘটনাৰ পিছতেই ঘটনাস্থলীত বৰপেটা আৰক্ষীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷ চৰকপাৰা গাঁৱৰ হাবেল আলী, জাহিদুল আলী, জালাল, তাজন, মামুদ আলী আদিৰ নেতৃত্বত সংঘটিত হয় হত্যাকাণ্ডৰ ঘটনা ৷
ভূমি বিবাদক লৈ সংঘটিত এনে নৃশংস হত্যাকাণ্ডৰ ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷
Photo & Input: ৰবিউল ইছলাম
Discussion about this post