ধেমাজিত কোনোধৰণৰ ডাঙৰ উদ্যোগ নাই! গো-ধনৰ পৰাই পৰিয়াল পোহপাল দিয়ে হাজাৰ হাজাৰ গো-পালক সকলে ৷ অসমত গো-সুৰক্ষা আইন কেতিয়াও মানি লোৱা নহ’ব ৷ দৰকাৰ হ’লে RSS আৰু BJPক উৎখাত কৰা হ’ব তথাপিও অসমত গো-সুৰক্ষা আইন আনিবলৈ দিয়া নহ’ব৷
কেৱল মুছলমান আৰু খ্ৰিষ্টীয়াননসকলক ক্ষতি কৰিবলৈ গৈ চৰকাৰখনে আটাইতকৈ বেছি ক্ষতি কৰিছে অন্য জাতি-জনজাতিসকলক ৷ জুনাইত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ বিক্ষোভ কাৰ্যসূচী ৷
গো-সুৰক্ষা আইন বাতিল কৰাৰ দাবীত আয়োজন কৰে এই কাৰ্যসূচী ৷ এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷ গো-সুৰক্ষা আইন বাতিল নকৰা পৰ্যন্ত সকলো জনজাতি, জনগোষ্ঠীৰ গো- পালকসকলৰ স্বাৰ্থত ৰাইজৰ দলে অব্যাহত ৰাখিব ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী।
গো-সুৰক্ষা আইন বাতিলৰ দাবিত জিলাই জিলাই চলাই যাব তীব্ৰ আন্দোলন।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post