অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা মোলান লস্কৰৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাবলৈ প্ৰতিশ্ৰুতি পত্ৰত স্বাক্ষৰ কৰাইছে কামপুৰ আৰক্ষীয়ে।
বিগত ৭ আগষ্টত কামপুৰ আৰক্ষীয়ে কামপুৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সন্মুখত কোনোধৰণৰ অভিযোগ অথবা কাৰণ নেদেখুৱাকৈ এখন মোহৰ যুক্ত প্ৰতিশ্ৰুতি পত্ৰত নেতাগৰাকীক স্বাক্ষৰ কৰোৱায় ৷
প্ৰতিশ্ৰুতি পত্ৰখনত লিখা আছিল এবছৰলৈ প্ৰাক্তন কৃষক নেতাগৰাকীয়ে কোনোধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব, অন্যথা ৫ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব ৷
আৰক্ষীয়ে কৃষক নেতাগৰাকীৰ গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি এখন সংবাদ মেল সম্বোধন কৰে ৷ কোনোধৰণৰ শান্তি বিঘ্নিত কৰাৰ অভিযোগ নোহোৱাকৈ কি কাৰণে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীয়ে এনে কাৰ্য কৰালে বুলি প্ৰশ্ন উত্থাপন কৰে মোলান লস্কৰে?
মিছা অভিযোগেৰে প্ৰাক্তন কৃষক নেতাজনৰ পৰা লোৱা স্বাক্ষৰ সম্বলিত প্ৰতিশ্ৰুতি পত্ৰখন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে মোলান লস্কৰে।
Photo & Input: আমিনুল হক
Discussion about this post