কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা আৰম্ভ হ’ল টাইম কাৰ্ডৰ ব্যৱস্থা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে প্লাৱিত হৈ পৰিছে কাজিৰঙাৰ বিস্তৃৰ্ণ অঞ্চল।
বানপানীৰ সময়চোৱাত উদ্যানখনৰ ভিতৰৰ পৰা জন্তু বোৰে নিৰাপদ স্থান বিচাৰি ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ঢাপলি মেলে কাৰ্বি পাহাৰৰ দিশে।
এই সময়চোৱাত কাজিৰঙাৰ জন্তু সমূহ যাতে কোনো কাৰণত দুৰ্ঘটনাত পতিত নহয় তাৰ পতি লক্ষ্য ৰাখি আজিৰে পৰা বনবিভাগে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে।
টাইম কাৰ্ডৰ জৰিয়তে গাড়ীৰ চালকসকলে ৪০ কিলোমিটাৰতকৈ অধিক বেগত গ’লে ৫০০০ হাজাৰ পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে উদ্যান কৰ্তৃপক্ষৰ ওচৰত।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে প্ৰথম পৰ্যায়ত বানৰ প্ৰকোপ কাজিৰঙাত নাছিল যদিও শেহতিয়াকৈ উদ্যানখন বানৰ কবলত পৰিছে।
Photo & Input: ৰাজ হাজৰিকা
Discussion about this post