নগাঁৱৰ ধিঙত আৰক্ষীৰ গুলীত মৃত ডকাইত জয়নাল আবেদিনৰ পৰিয়ালৰ গুণ্ডামি। বাতৰি সংগ্ৰহৰ বাবে যোৱা ধিঙৰ সাংবাদিক দ্বীপজ্যোতি কাকতি আৰু এগৰাকী পৰ্টেলৰ সাংবাদিকক নিৰ্মমভাৱে প্ৰহাৰ কৰে মৃত জয়নালৰ পৰিয়ালৰ লোকে।
অপৰাধী জয়নালৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱাক লৈ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শালকাটিত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা দুগৰাকীকৈ সাংবাদিকক আৰক্ষীৰ সন্মুখতে আক্ৰমণ কৰে মৃত জয়নালৰ পৰিয়ালে ৷ আনকি সাংবাদিকৰ বাহনো ক্ষয়-ক্ষতি কৰে দুস্কৃতিকাৰীয়ে।
সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা দিছে ধিং প্ৰেছ ক্লাৱ আৰু নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছচিয়েচনে। ইতিমধ্যে সাংবাদিকক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে ধিং আৰক্ষীক এজাহাৰ দাখিল দুই প্ৰহৃত সাংবাদিকৰ।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post