স্পেইনৰ জেলত বন্দীত্বৰ জীৱন-যাপন কৰা এণ্টীভাইৰাছ ছফ্টৱেৰৰ ফাউণ্ডাৰ জন মেকেফীৰ মৃতদেহ উদ্ধাৰ হয়।
জেলৰ বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে। এই ঘটনাৰ কিছু সময় পূৰ্বে আদালতে তেওঁক আমেৰিকা প্ৰত্যৰ্পণৰ দিছিল মঞ্জুৰী। তেওঁ কৰ চুৰি সন্দৰ্ভত ৱাণ্টেড আছিল। কেটাল’নিয়াৰ জেল ব্যৱস্থাতৰ মহিলা অধ্যক্ষ জানিবলৈ দিয়ে যে, “৭৫ বছৰীয়া মেকেফীয়ে জেলত আত্মহত্যা কৰে।
ইয়াৰ পূৰ্বে আদালতে আমেৰিকাৰ ন্যায়িক বিষয়াসকলৰ দ্বাৰা ২০১৬ৰ পৰা ২০১৮লৈ কৰ চুৰি সন্দৰ্ভত ৱাণ্টেড জন মেকেফীৰ প্ৰত্যৰ্পণৰ দিছিল মঞ্জুৰী।
The US believes I have hidden crypto. I wish I did but it has dissolved through the many hands of Team McAfee (your belief is not required), and my remaining assets are all seized. My friends evaporated through fear of association.
I have nothing.
Yet, I regret nothing.
— John McAfee (@officialmcafee) June 16, 2021
২০১৪ আৰু ১৮ৰ মাজত মেকেফীৰ বিৰুদ্ধে জানি-বুজি কৰ টেক্স ৰিটাৰ্ণ দাখিল নকৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁক ২০২০ত ৱাৰ্ছিলোনা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। কিছুদিন পূৰ্বে ভিডিঅ’ কনফাৰেঞ্চিং যোগে আদালতত হাজিৰ কৰোৱা হৈছিল মেকেফীক। তেওঁক জামিন নিদিয়াকৈ জেললৈ প্ৰেৰণ কৰা হৈছিল। প্ৰত্যৰ্পণ নোহোৱা পৰ্যন্ত তেওঁক বন্দীত ৰাখিবলৈ আদেশ প্ৰদান কৰিছিল।
Photo: Google
Discussion about this post