ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ঘোঁৰামৰা চেংঙেলিজান চাহ-বাগিচাত ঘটিছে এই ভয়ংকৰ ঘটনা। ৰামু কৰ্মকাৰ নামৰ এজন লোকে কলিকতাত গৈ ৩ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিলে কিডনী। ৰামুৰ লগতে এগৰাকী মহিলা আৰু দুজন লোকেও বিক্ৰী কৰিছে কিডনী।
মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহৰ লগতে দৰিদ্ৰ পৰিয়ালসমূহৰ ক’ভিদ সৃষ্ট এই পৰিৱেশত অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছে। কাণসাৰ নাই জনপ্ৰতিনিধিৰ উপায়ন্তৰ হৈ কেইবাজনেও বিক্ৰী কৰিলে দেহৰ অংগ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুষ্টচক্ৰই মানৱ অংগ বিক্ৰীৰ পেলাইছে জাল। কোনোবাই যদি প্ৰত্যাখান কৰিছে আকৌ কোনোৱে পৰিছে দুষ্টচক্ৰৰ জালত। এইবাৰ নামনিৰ বিপৰীতে উজনিটো সিপাইছে এই দুষ্টচক্ৰ।
মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহৰ লগতে দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ এই ক’ভিদ সৃষ্ট পৰিৱেশৰ সময়ত দুখে কোলাই পাচিয়ে নধৰা হৈছে।
এই সময়ত এই পৰিয়ালসমূহৰ এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়াত পৰিছে তাতে আকৌ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম নিয়াৰিকৈ চলাব পৰা নাই নিজৰ পৰিয়াল।
এসাজ খালে এসাজ খাবলৈ চিন্তা। উল্লেখযোগ্য যে এই সময়তে এচাম দালাল দুষ্ট চক্ৰই সুবিধা বুজি দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি দিন হাজিৰা কৰি খোৱা কিছুমান সহজ সৰল লোকক বহিঃৰাজ্যলৈ নি কিডনী বিক্ৰী কৰাই সিংহ ভাগ টকা লগত ৰাখি এক অংশহে টকা বিক্ৰেতাজনৰ হাতত দিয়ে বুলি জানিব পৰা গৈছে ।
Photo & Input: ৰাজু সোনোৱাল
Discussion about this post