বৰ্তমান সময়ৰ এক বহুল ব্যৱহৃত সামাজিক মাধ্যম ‘Facebook‘। বৰ্তমান সমগ্ৰ বিশ্বতে এই সামাজিক মাধ্যমৰ গ্ৰহণযোগ্যতা ইমান বেছি যে মাত্ৰ কেই মিনিট মান বা কেই ঘণ্টা মানৰ বাবে যদি এই মাধ্যম বন্ধ হৈ যায় তেন্তে কিমান লোকচানৰ সন্মুখীন হ’ব লগীয়া হয় সেয়া কল্পনাও কৰিব নোৱাৰি। বৰ্তমানে মাহে ২.৮৫ বিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী থকা ইয়ে বিশ্বৰ সৰ্ববৃহৎ সামাজিক মাধ্যম।
ফেচবুকৰ আৰম্ভ হৈছিল ২০০৪ চনত। ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰীত হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ 4গৰাকী ছাত্ৰই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাযোগ সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই মাধ্যম। লক্ষণীয় যে আৰম্ভ কৰাৰ পিছতে এই মাধ্যম ইমান জনপ্ৰিয় হৈ পৰিছিল যে মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে বিশ্ববিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ফেচবুকৰ সৈতে জড়িত হৈছিল। আৰু এমাহৰ ভিতৰতে হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰায় আধা সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই মাধ্যমক সাঙুৰি লৈছিল।
হাৰ্বাৰ্ডৰ সেই সময়ৰ ছাত্ৰ মাৰ্ক জাকাৰবাৰ্গ (Mark Zuckerberg) , এডুৱাৰ্ডো ছাভেৰিণ (Eduardo Saverin), ডাষ্টিন মস্কোভিটয (Dustin Moskovitz) আৰু ক্ৰীছ হাঘেচে (Chris Hughes) নিজৰ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক সংযুক্ত কৰিবৰ বাবে আৰম্ভণি কৰিছিল এই মাধ্যমৰ।
আৰম্ভ কৰাৰ সময়ত মাৰ্ক জাকাৰবাৰ্গে ভুলতো দেখা নাছিল ফেচবুকক লৈ ব্যৱসায়িক লাভালাভৰ সপোন। বৰঞ্চ জাকাৰ্বাৰ্গ আছিল কৌতূহলী। তেওঁ পূৰ্বেও FaceMash নামেৰে এক চাইট তৈয়াৰ কৰি সংযুক্ত কৰিছিল বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক। ই যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। যাৰ বাবে জাকাৰবাৰ্গ হৈ পৰিছিল যথেষ্ট জনপ্ৰিয়। আনকি কৌতূহলী জাকাৰবাৰ্গে সেই চাইটৰ যোগেদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহু তথ্য হেক কৰি কোনোমতেহে বিশ্ববিদ্যালয়খনৰ পৰা বৰ্খাস্ত হোৱাৰ পৰা বাচিছিল।
আৰু পাছলৈ ফেচবুক (Facebook) নামৰ মাধ্যম আৰম্ভ কৰা জাকাৰবাৰ্গৰ লক্ষ্য আছিল সমনীয়া ছোৱালীৰ লগত প্ৰেমালাপ কৰাহে। কিন্তু ভাগ্যৰ কি লীলা, জাকাৰবাৰ্গে ধেমালীতে আৰম্ভ কৰা সেই মাধ্যমেৰেই জাকাৰবাৰ্গৰ আজি বিশ্বজুৰা খ্যাতি।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/important-news-order-to-tet-candidate-at-assam/3937/
Discussion about this post