Trending News : প্ৰেমত এজনে-আনজনৰ বাবে জীয়াই থকাৰ আৰু মৰাৰ শপত খোৱা যুটিৰ (Couples)ৰ কাহিনী আপুনি হয়টো বহুত শুনিছে। আপুনি এইটোও হয়টো শুনিছে যে প্ৰেমত থকা দম্পতীসকলে কেৱল ইজনে সিজনৰ সৈতে কেৱল কথা পাতি থকা বিচাৰে, কিন্তু আপুনি কেতিয়াবা শুনিছে নেকি যে নিজৰ প্ৰেমিকে বেছি কথা কোৱাৰ অভ্যাসত বিৰক্ত হৈ প্ৰেমিকাই প্ৰেমিকক বিহ (Poison) খুৱাই দিয়া ঘটনা। শুনিবলৈ অলপ আচৰিত লাগিব, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ (US) ফ্লৰিডাত এনে এটা ঘটনা ঘটিছে। তাত এগৰাকী মহিলাই তাইৰ প্ৰেমিকক কেৱল এইকাৰণে বিহ খুৱাই দিয়ে কাৰণ তাই বিৰক্ত হৈ উঠিছিল প্ৰেমিকে বেছি কথা কোৱাৰ বাবে আৰু প্ৰেমিকৰ মাত নোহোৱা কৰিব বিচাৰিছিল। সমগ্ৰ ঘটনাটো কি সেয়া জানো আহক।
আৰক্ষীক নিজে দিয়ে খবৰ
ৰিপৰ্ট অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত এলভিছ পেৰিছ (৫৪ বছৰ) নিজৰ প্ৰেমিক উইলিয়াম কাৰ্টাৰৰ (৬১ বছৰ) সৈতে বাস কৰিছিল। কিছুদিন পূৰ্বে এলভিছে উইলিয়ামৰ নেমুৰ চৰবটত বিহ মিহলাই খুৱাই দিছিল। বিহৰ (Poison) প্ৰভাৱ পৰাৰ পিছত যেতিয়া উইলিয়ামৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়া এলভিছে ভয় খাইছিল আৰু তাই আৰক্ষীক খবৰ দি এই ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল।
সংকটমুক্ত প্ৰেমিক
তথ্য পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু উইলিয়ামক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল। চিকিৎসকসকলে তেওঁৰ চিকিৎসা আৰম্ভ কৰিছিল। উইলিয়াম বৰ্তমান সংকটমুক্ত আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উইলিয়ামে কৈছে যে তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁৰ প্ৰেমিকাই তেওঁক এনেদৰে ব্যৱহাৰ কৰিব।
মহিলাগৰাকীয়ে স্বীকাৰ কৰিলে অপৰাধ
ইফালে এলভিছে আৰক্ষীৰ সন্মুখত তাইৰ অপৰাধ স্বীকাৰ কৰে আৰু এই অপৰাধ কৰাৰ কাৰণো ক’লে। এলভিছে আৰক্ষীক ক’লে যে, তাইৰ প্ৰেমিকে বহুত কথা কৈছিল। যাৰ বাবে তাই বিৰক্ত হৈছিল।
Photo: Google
Discussion about this post