বজ্ৰপাতৰ ফলত ঢাকাৰ শিৱগঞ্জ চহৰৰ পদ্মনদীৰ পাৰত সংঘটিত হয় এক শোকাৱহ ঘটনা (Lightning Strikes At Wedding Party)। বিয়াখনত উপস্থিত থকা ১৭জন লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু হৈছিল। তাত ১৪জন লোক গুৰুতৰভাৱে আহত হৈছিল। আহত লোককেইজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
অগ্নি নিৰ্বাপক সেৱাৰ বিষয়া মেহৰুল ইছলামে ক’লে যে দুৰ্ঘটনাটোত আহত লোকসকলক চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। ঘটনাটোৰ বিষয়ে জানিবলৈ পোৱাৰ লগে লগে আমাৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান (Rescue Operation)আৰম্ভ কৰে।
উল্লেখ্য বজ্ৰপাতৰ ফলত হোৱা দুৰ্ঘটনাটোত দৰাও আঘাতপ্ৰাপ্ত হৈছিল (Groom Injured Due To Lightning)। দৰাঘৰীয়া এখন নাৱেৰে পদ্মা নদী পাৰ কৰি গৈছিল। তাতেই দুৰ্ঘটনাটো নদীৰ পাৰত সংঘটিত হৈছিল।
বিশেষজ্ঞসকলে কোৱা অনুসৰি, বনাঞ্চল নিৰ্মূলৰ বাবে বজ্ৰপাত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। অৰণ্যৰ ডাঙৰ আৰু দীঘল গছবোৰে বৈদ্যুতিক প্ৰাদুৰ্ভাৱৰ পৰা সুৰক্ষা দিয়ে।
প্ৰতিবেদন অনুসৰি, বাংলাদেশ (Bangladesh)ত বজ্ৰপাতৰ ফলত প্ৰতি বছৰে শ শ লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ পূৰ্বে, ২০১৬ত, মে মাহত বজ্ৰপাত দুৰ্ঘটনাত ৮২ জন লোকৰ মৃত্যু হৈছিল।
Photo: Google
Discussion about this post