Viral Video: সকলোৱে ৰেষ্টুৰেণ্টলৈ (Restaurant) গৈ সুস্বাদু খাদ্য়ৰ সোৱাদ ল’ব বিচাৰে, কিন্তু যদি সেই ঠাইত আপুনি ভয় কৰা জন্তু এটা দেখা পায় তেন্তে আপুনি কি কৰিব? আপোনাৰ প্ৰথম উত্তৰটো হ’ব যে পলাই যোৱাটো সঠিক হ’ব, কিন্তু কিছুমান লোক আছে যি পলাই যোৱাৰ পৰিৱৰ্তে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা উপায় বিচাৰিবলৈ চেষ্টা কৰে। এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা পোৱা গ’ল, যেতিয়া এটা প্ৰকাণ্ড গুই (Lizard) ৰেষ্টুৰেণ্টৰ (Restaurant) ভিতৰত প্ৰৱেশ কৰে। সেই সময়তে ক’লা ৰঙৰ গুইটোক দেখি তাত থকা গ্ৰাহকসলকল আতংকিত হৈ পৰিছিল আৰু ইফালে-সিফালে দৌৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু তেতিয়াই এগৰাকী মহিলা ৱেইটাৰে এনে এটা কাম কৰিছিল যিয়ে মানুহক যথেষ্ট সান্ত্বনা দিছিল।
Waitress/lizard wrangler pic.twitter.com/xlZY2XhWNE
— Jamie Gnuman197… (@JGnuman197) December 17, 2021
ৰেষ্টুৰেণ্টত বহি খাদ্য খাই থকা গ্ৰাহকৰ অৱস্থা হ’ল বেয়া
হয়, ইণ্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ’টোত ৰেষ্টুৰেণ্টত বহি থকা ডজন ডজন গ্ৰাহকে খাদ্য উপভোগ কৰি থকা দেখা গৈছে। সুস্বাদু খাদ্য খোৱাৰ সময়ত, এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল, যি ৰেষ্টুৰেণ্টৰ গ্ৰাহকসকলৰ অলপ সময়ৰ বাবে হ’লেও উশাহ বন্ধ হৈ পৰিছিল। এটা ডাঙৰ ক’লা ৰঙৰ গুই ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই আহে।
প্ৰকাণ্ড গুইটো সকলোৰে আতংকৰ কাৰণ হৈ পৰে
সেই প্ৰকাণ্ড গুইটো দেখি, তাত থকা গ্ৰাহকসকলৰ অৱস্থা বেয়া হৈ যায় আৰু তেওঁলোকে জোৰেৰে চিঞৰিবলৈ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, কিছুমান লোকে আনকি পলাই যাবলৈ চেষ্টা কৰে, কিন্তু মহিলা ৱেইটাৰে (women waiter) গুইটো দেখাৰ লগে লগে তাই দৌৰি গৈ তাৰ নেজডাল ধৰি লয়।
মহিলা ৱেইটাৰে (women waiter) সাহস দেখুৱাইছিল আৰু তাৰ পিছত এনেকুৱা কিবা এটা কৰিছিল
মহিলা ৱেইটাৰে (women waiter) সাহস দেখুৱাই প্ৰকাণ্ড গুইটোৰ নেজটো ধৰি সোনকালে বাহিৰলৈ উলিয়াই দিছিল। হোটেলত উপস্থিত থকা কোনো এজন লোকে ঘটনাটোৰ ভিডিঅ’ তেওঁৰ মোবাইল কেমেৰাত বন্দী কৰিছিল আৰু ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। এতিয়া এই ভিডিঅ’টো ইণ্টাৰনেটত ভাইৰেল হৈ আছে। ভিডিঅ’টো @JGnuman197 নামৰ এটা একাউণ্টৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/food/health-tips-benefits-of-eating-peanuts-in-winter/5500/
Discussion about this post