বিল্ডিঙৰ পৰা BMW গাড়ীৰ ওপৰত পৰিল লোকজন
ডেইলী মেইলত দিয়া এক প্ৰতিবেদন অনুসৰি, বিল্ডিংটোৰ ৯নং মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ (Suicide) চেষ্টা কৰা লোকজনৰ বয়স ৩১ বছৰ। আৰক্ষীয়ে লোকজনৰ নাম উল্লেখ কৰা নাই। লোকজন অট্টালিকাৰ তলত পাৰ্কিং কৰি থোৱা এখন BMW গাড়ীৰ ওপৰত পৰে, যাৰ ফলত গাড়ীখনৰ ওপৰভাগ সম্পূৰ্ণৰূপে ভাঙি যায়।
লোকজনৰ জীৱন ৰক্ষা পৰাত চিকিৎসকসকলেও আচৰিত হৈছিল
আত্মহত্যা কৰাৰ চেষ্টাত লোকজন আহত (Injured) হয়। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত তেওঁৰ চিকিৎসা অব্যাহত আছে। লোকজনৰ জীৱন ৰক্ষা পৰাত চিকিৎসকসকলেও আচৰিত হৈছে।
ভাঙি গ’ল BMW গাড়ীৰ ছাদ
বিল্ডিঙৰ পৰা লোকজন বাগৰি পৰাৰ পিছত BMW গাড়ীখনৰ ওপৰভাগ সম্পূৰ্ণৰূপে ভাঙি যায়। গাড়ীখনৰ আইনাও ভাঙি যায়। আত্মহত্যা কৰাৰ চেষ্টাত লোকজনৰ বাওঁ হাতখনো ছিঙি যায়।
ঘটনাটোৰ দিনা কি ঘটিছিল?
ঘটনাস্থলীত থকা এজন লোকে কৈছিল যে হঠাতে এটা প্ৰচণ্ড শব্দ শুনা পোৱা গৈছিল। যেতিয়া তেওঁ ওচৰ চাপিছিল, এজন লোক গাড়ীৰ ওপৰত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল।
আন এগৰাকী মহিলাই কৈছিল যে তেওঁ দুৰ্ঘটনাটোৰ পিছত বহুত ভয় খাইছিল। প্ৰথমতে তেওঁ কি কৰিব লাগে বুজিয়েই পোৱা নাছিল। তাৰ পিছত তেওঁ আৰক্ষীক মাতিছিল আৰু ভুক্তভোগীজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
Photo: Daily Mail
Discussion about this post