এদিনীয়া বিশ্বকাপত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হোৱা শ্ৰীলংকান দলটোৱে অনুশীলন মেচত অংশগ্ৰহণৰ বাবে আজি পুৱাই আহি উপস্থিত হয়হি গুৱাহাটীত। শ্ৰীলংকাৰ অধিনায়ক ডাচুন চনকাৰ নেতৃত্বত অহা শ্ৰীলংকান দলটোৱে বৰ্ষাপাৰাত ২৯ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে আৰু ৩ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিব দুখনকৈ ৱাৰ্ম আপ মেচ। আজি পুৱাই গুৱাহাটীত উপস্থিত হোৱা দলটোৱে ইয়াৰ পূৰ্বে বৰ্ষাপাৰা ক্ৰিকেট গ্ৰাউণ্ডত চলাব অনুশীলন।
উল্লেখ্য যে, এই পৰ্যন্ত মাত্ৰ এবাৰেই ১৯৯৬ ত বিশ্বকাপৰ খিতাপ জয় কৰা শ্ৰীলংকান দলটোৱে পৰৱৰ্তী সময়ত ফাইনেল পৰ্যন্ত উপনীত হৈছে যদিও বিশ্বকাপৰ ট্ৰফীত চুম্বন কৰাৰ সুযোগ লাভ কৰা নাই। অৰ্জুন ৰাণাতুঙ্গাৰ নেতৃত্বত বিশ্বকাপৰ জয়ৰ অন্তিন সুৱাদ লাভ কৰা দলটোৱে এইবাৰ ডাচুন চানকাৰ নেতৃত্ব ১৯৯৬ ৰ পুনৰাবৃত্তি ঘটাবলৈ চেষ্টা কৰিব।
ভাৰতত আহি উপস্থিত হোৱা শ্ৰীলংকান দলটোত আছে ডাচুন চানকা (অধিনায়ক), কুশল মেণ্ডিছ (উপ অধিনায়ক) , কুশল পেৰেৰা, পাঠুম নিশাংক, দিমুথ কৰুণাৰত্নে, ছাদেৰা সমৰবিক্ৰম, চাৰিথ আশ্বালংকা, ধনঞ্জয় ডি চিলভা, ডুচান হেমন্থা, মহেশ থাকচেনা, ডুনিথ ৱালেলাগে, কাছুন ৰজিথা, মাথিছা পাথিৰাণা, লাহিৰু কুমাৰা, ডিলছান মধুচনকা । আনহাতে, ট্ৰেভিলিং ৰিজাৰ্ভত আছে চামিকা কৰুণাৰত্নে।
Discussion about this post