“PoK will merge with India on its own, wait for some time,” said VK Singh
মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী ভি কে সিঙে এক চাঞ্চল্যকৰ মন্তব্য কৰি কয় যে, পাকিস্তানৰ দখলত থকা কাশ্মীৰ নিজাববীয়াকৈ ভাৰতৰ সৈতে একত্ৰিত হ’ব। ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱৰ্তন সংকল্প যাত্ৰা কাৰ্যসূচীৰ সময়ত ৰাজস্থানৰ দৌছাত উপস্থিত হৈ এই মন্তব্য কৰে ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী ভি কে সিঙে।
ভাৰতৰ সৈতে কাৰ্গিল সীমান্ত ক্ৰছিং মুকলি কৰিবলৈ বিচৰা ছিয়া মুছলমানসকলৰ দাবী সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সিঙে কয় যে, পাক অধীনস্থ কাশ্মীৰ নিজাববীয়াকৈ ভাৰতৰ সৈতে একত্ৰিত হ’ব। লগতে কয় তাৰবাবে ভাৰতে কিছু সময় অপেক্ষা কৰিব লাগিব ।
আজাদ কাশ্মীৰ আৰু গিলগিট-বাল্টিস্তানত বিভক্ত পাক অধীনস্থ কাশ্মীৰৰ মুঠ জনসংখ্যা প্ৰায় ৪৫ লাখ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, ইয়াৰে ৯৭ শতাংশ মুছলমান, ৩ শতাংশ হিন্দু আৰু খ্ৰীষ্টানকে ধৰি আন সংখ্যালঘুৰ।
Discussion about this post