নাবালিকাৰ অভিযোগ
Reutersৰ খবৰ অনুসৰি, অনলাইন অভিযোগৰ ভিত্তিত বেইজিং আৰক্ষীয়ে (Beijing Police)য়ে পপ ষ্টাৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে, যুৱতীসকলক প্ৰেমৰ জালত পেলাই ধৰ্ষণ কৰে। প্ৰথমে এগৰাকী নাবালিকা ছাত্ৰীয়ে Kris Wuৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ছাত্ৰীগৰাকীৰ অভিযোগ আছিল যে, পপ ষ্টাৰজনে সুৰাপান কৰোৱাই তাইৰ সৈতে কু-কাণ্ড সংঘটিত কৰিছিল।
২০ গৰাকীতকৈও অধিক যুৱতীয়ে দিছিল অভিযোগ
ইয়াৰ পিছৰে পৰা ক্ৰিছৰ বিৰুদ্ধে এইধৰণৰ অভিযোগৰ বৰষুণ হৈছিল। এগৰাকীৰ পিছত আনগৰাকী প্ৰায় ২০ গৰাকীতকৈও অধিক যুৱতীয়ে পপ ষ্টাৰজনৰ বিৰুদ্ধে যৌন উৎপীড়ন আৰু ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে, ক্ৰিছ ৱুক কোনটো অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
দীপিকাৰ সৈতে কৰিছিল কাম
ক্ৰিছ ৱুৱে ২০১৭ চনত ট্ৰিপল এক্স: ৰিটাৰ্ণ অফ জেণ্ডাৰ কেজ (XXX:Return of Xander Cage)ৰ জৰিয়তে হলীউডত আত্মপ্ৰকাশ কৰিছিল, য’ত বলীউড অভিনেত্ৰী দীপিকা পাডুকনেও (Deepika Padukone) অভিনয় কৰিছিল। তেওঁৰ জনপ্ৰিয়তা এই কথাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ চীনৰ বহুতো ব্ৰেণ্ডৰ এম্বেচেডৰ আৰু ৰাস্তাতো তেওঁৰ বহুত হৰ্ডিং আছে।
ছচিয়েল মিডিয়াৰ লৈছিল সহায়?
গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে তেওঁক সেই অভিযোগ সন্দৰ্ভত সোধাপোছা কৰি আছে। ৰিপৰ্টছ অনুসৰি তেওঁ যুৱতীসকলক ফান্দত পেলাবলৈ ছচিয়েল মিডিয়াৰ সহায় লৈছিল আৰু তেওঁলোকৰ ওপৰত হেঁচা দিছিল সম্পৰ্ক কৰিবলৈ।
ক্ৰিছৰ গ্ৰেপ্তাৰৰ পিছতে চীনত হুলস্থুলৰ সৃষ্টি হয়।
Photo: Zee News
Discussion about this post