পাকিস্তানৰ ছচিয়েল মিডিয়াত বিগত দুদিন ধৰি #Our husband is ourCulture ট্ৰেণ্ড হৈ আছে। মডেল সদফক পাকিস্তানী টিভি ARYত এংকৰে সুধিছিল যে তেওঁ নাৰীবাদ সন্দৰ্ভত কি ভাৱে? পাকিস্তানত মহিলাসকল দুৰ্ভগীয়া নেকি? এই প্ৰশ্নৰ উত্তৰত সদফে কয়, ‘মহিলাসকল দুৰ্ভগীয়া মুঠেই নহয়। মহিলাসকল শক্তিশালী হয় আৰু মইটো নিজকে খুব শক্তিশালী বুলি ভাৱো।
ইয়াৰ লগতে সদফে কৈছিল, মহিলা আৰু পুৰুষৰ ডিবেট সম্পূৰ্ণ বেলেগ হ’ব। আমাৰ সংস্কৃতি কি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘আমাৰ সংস্কৃতি হৈছে মিয়া, মই বিবাহিত, মই তেওঁৰ জোতাও তুলি দিব লাগিব। তেওঁৰ কাপোৰো স্ত্ৰী কৰিম।
Aaj kal bohat liberals aa gaye haiN… pic.twitter.com/0De5pPivxQ
— Reema Omer (@reema_omer) July 30, 2021
সাদফে লগতে ক’লে, ‘মই জানো যে মোৰ মিয়াৰ কাপোৰ ক’ত আছে। মই জানো যে মোৰ মিয়াৰ কি বস্তু ক’ত পৰি আছে। তেওঁ কি খাব লাগে, মই জানিব লাগে কাৰণ মই তেওঁৰ পত্নী। কিয়নো মই এগৰাকী মহিলা, তেওঁ মোক জনা উচিত নহয়, কিন্তু মই তেওঁক অধিক জনা উচিত। মই ভাৱো যে মহিলাবাদত নিজৰ মিয়াৰ যত্ন লও।
মডেলগৰাকীৰ এই সাক্ষাৎকাৰৰ পিছত, ছচিয়েল মিডিয়াত অস্থিৰতা। টুইটাৰত বহুতে কৈছে যে যেতিয়া ভাৰতৰ পুৰুষ আৰু মহিলা হকী দলে টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত উপনীত হৈছে, আৰু এইফালে পাকিস্তানত ‘আমাৰ সংস্কৃতি মিয়া’।
Photo: Google
Discussion about this post