পৃথিৱীত এটি শিশুক তাৰ মাকৰ তুলনাত কোনেও বেছি ভাল পাব নোৱাৰে। কিন্তু কেতিয়াবা কেতিয়াবা আমি এনে কিছুমান কাহিনী দেখা বা শুনা পাও যিয়ে কাৰোবাৰো হৃদয় কঁপাই তুলিব। বৰ্তমান এই কেইদিনত এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এগৰাকী মাতৃয়ে এনেকুৱা কিবা কৰে, যিটোৰ বিষয়ে শুনিয়েই মানুহৰ আত্মা কঁপি উঠিব। আনকি এই ঘটনাৰ ভিডিঅ’ও (Video) সামাজিক মাধ্যমত (Social Media) ভাইৰেল (Viral) হৈ আছে। এই ভিডিঅ’টো ইমানেই ভয়ানক যে ইয়াক যিয়ে চাইছে সকলোৱে ভিডিঅ’টোত দেখা পোৱা মাতৃগৰাকীক গালি দিবলৈ আৰম্ভ কৰিব।
উজবেকিস্তানৰ (Uzbekistan) পৰা তেনে এটা ঘটনাৰ খবৰ পোৱা গৈছে। য’ত এগৰাকী মাতৃক নিজৰ সন্তানৰ জীৱন লোৱা দেখা গৈছিল। সুখৰ কথাটো হ’ল যে, শিশুটিক সময় থাকোতে ৰক্ষা কৰিলে। এই ভিডিঅ’টো যিয়ে চাইছে সেই সকলোৱে হতবাক হৈছিল। ভিডিঅ’টো চোৱাৰ পিছত, সকলোৱে কৈছে যে তেওঁলোকে সপোনতো ভাবিব নোৱাৰে যে এগৰাকী মাতৃয়ে এইটো কৰিব পাৰে (Mother Throws Her Daughter Into A Bear Enclosure)।
চাওক Viral Video-
এক প্ৰতিবেদন অনুসৰি, উজবেকিস্তানৰ (Uzbekistan) তাচখন্দত এগৰাকী মহিলাই তেওঁৰ ৩ বছৰীয়া কন্যাক ফুৰাবলৈ চিৰিয়াখানালৈ লৈ গৈছিল। চিৰিয়াখানাত মহিলাগৰাকীয়ে শিশুটিক ভালুক দেখুৱাবলৈ ভালুকৰ গড়ালৰ ৰেলিঙৰ ওচৰত গৈ থিয় হ’ল। কিন্তু তেতিয়াই মহিলাগৰাকীয়ে ভালুক দেখুওৱাৰ অজুহাতত নিজৰ কন্যা সন্তানক ৰেঙিলৰ পৰা ভড়াললৈ ঠেলা মাৰি (Mother Throws Her Daughter Into A Bear Enclosure) দিছিল। শিশুটি গড়ালত পৰাৰ লগে লগে, ভালুকটো শিশুটিৰ ফালে দৌৰি যায়। অৱশ্যে, জুজু নামৰ ভালুকটোৱে শিশুটিৰ কোনো ক্ষতি কৰা নাছিল আৰু কেৱল শুঙি তাইক এৰি গুচি গৈছিল।
https://twitter.com/OlumoRocktv/status/1487904050439938051?s=20&t=xs0IVel5YBBVUc51l9uiYw
শিশুটি গড়ালত পৰাৰ খবৰ পোৱাৰ লগে লগে চিৰিয়াখানাৰ কৰ্মচাৰীসকলে লগে লগে ভালুকটোৰ গড়ালৰ ফালে গৈ শিশুটিক তাৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। গড়ালত পৰি যোৱাৰ ফলত শিশুটি সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছিল। যদিও ভালুকটোৱে শিশুটিৰ সৈতে একো কৰা নাছিল কিন্তু সকলোৱে ভালদৰে জানে যে ভালুকে মানুহৰ জীৱন ল’বলৈ অলপো সময় নলগায়। ভিডিঅ’টো চোৱাৰ পিছত, বেছিভাগ লোকেই কৃতজ্ঞ যে শিশুটি কেনেবাকৈ বাচি গৈছিল।
Photo & Video: NDTV
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-2-yoth-dies-at-arunachal/6407/
Discussion about this post