প্ৰতিজন লোকে তেওঁৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বীমা (Insurance) কৰোৱাই যাতে ভৱিষ্যতলৈ কোনো বিত্তীয় অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়। অৱশ্যে, এজন লোকে বীমাৰ ধনৰ বাবে এনে কাণ্ড সংঘটিত কৰে যি শুনি এতিয়া সকলো আচৰিত। লোকজনে বীমাৰ ধনৰ লালসাত ৰে’লৰ সন্মুখত জানি-বুজি শুই দিয়ে আৰু নিজৰ দুয়োখন ভৰি কটোৱাই লয় যাতে তেওঁ বীমা আঁচনিৰ ধন লাভ কৰিব পাৰে। কিন্তু আশ্চৰ্যজনকভাৱে, বহু বছৰৰ পিছতো তেওঁ বীমাৰ ধন লাভ কৰিব নোৱাৰিলে। এইজন লোকে এটা দুটা নহয় ১৪টা বীমা আঁচনি লৈছিল যাৰ মুঠ পৰিমান আছিল ২৩ কোটি টকা।
নিউজ পৰ্টেল ডেইলী ষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি, আচৰিত ঘটনাটো হাংগেৰীৰ Nyircsaszari চহৰৰ। গোচৰটোৰ শুনানি গ্ৰহণ কৰি জিলা ন্যায়ালয়ৰ ন্যায়াধীশে কয় যে চেণ্ডাৰ (Sandor Cs) নামৰ এজন লোকজনে £2.4 মিলিয়ন প্ৰায় ২৩ কোটি ৯৭ লাখ টকাৰ লালসাত ৰে’লৰ সন্মুখত জানি-বুজি শুই দিছিল আৰু নিজৰ দুয়োখন ভৰি কাটি লৈছিল। আপোনালোকক জনাও যে এই ঘটনাটো ২০১৪ চনত সংঘটিত হৈছিল যেতিয়া ৫৪ বছৰ বয়সৰ ছেণ্ডাৰে নিজৰ দুয়োখন ভৰি হেৰুৱাইছিল। এতিয়া তেওঁ কৃত্ৰিম ভৰি ব্যৱহাৰ কৰি আছে আৰু হুইলচেয়াৰৰ সহায়ত নিজৰ জীৱন নিৰ্বাহ কৰি আছে।
ভৰি কটা যোৱাৰ পিছত, চেণ্ডাৰে ধনৰ বাবে বীমা কোম্পানীবোৰৰ সৈতে যোগাযোগ কৰিছিল, কিন্তু পিছত তেওঁৰ চুৰি ধৰা পৰিছিল। যেতিয়া চেণ্ডাৰৰ ভৰি কাটিছিল তাৰ কিছু দিন পূৰ্বেই লোকজনে ১৪টা উচ্চ-বিপদাশংকা জীৱন বীমা আঁচনি (Life Insurance Policy) লৈছিল। যেতিয়া বীমা কোম্পানীয়ে এই বিষয়ে জানিব পাৰিছিল তেওঁলোক তেতিয়া আচৰিত হৈছিল আৰু তেওঁলোকে বীমাৰ ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল, তাৰ পিছত লোকজন আদালতত উপস্থিত হৈছিল য’ত আদালতৰ সিদ্ধান্ত কোম্পানীবোৰৰ পক্ষত আহিছিল। গোচৰটোৰ সন্দৰ্ভত, চেণ্ডাৰ্ছে কৈছিল যে তেওঁ এইটো ইচ্ছাকৃতভাৱে কৰা নাছিল। তেওঁৰ ভৰিখন গ্লাছৰ টুকুৰাৰ বাবে পিছলি গৈছিল আৰু তেওঁ ভাৰসাম্য হেৰুৱাই ৰে’লৰ ট্ৰেকত পৰি গৈছিল। সেই ঘটনাটোত লোকজনে দুয়োখন ভৰিয়েই হেৰুৱাইছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/5-upper-assam-girl-suspected-to-join-ulfa-i/4361/
Discussion about this post