প্ৰেম (Love) থকাটো ভাল কথা, কিন্তু যেতিয়া ই বলিয়ালিলৈ ৰূপান্তৰিত হয় তেতিয়া এই প্ৰেমে মানুহক হিংস্ৰক কৰি তোলে। এনেধৰণৰ আজৱ ঘটনা (Ajab Incident) ইজিপ্তত (Egypt) সংঘটিত হৈছিল য’ত এজন যুৱকে বলিয়ালিত স্কুল জ্বলাই দিছিল। প্ৰেমিকা স্কুলৰ পৰীক্ষাত ফেইল হয় যাৰ বাবে যুৱকৰ খং উঠে আৰু সি স্কুলখনতে জুই লগাই দিছিল (Girlfriend Failed In Exam Her Boyfriend Set Fire In The School)। যুৱকজনে জুই লগাবলৈ যিও বস্তুৰ প্ৰয়োজন হয় সেইবোৰ ব্যৱহাৰ কৰে যাতে জুই সঠিকভাবে লাগে। বিদ্যালয়ৰ কাৰ্যালয়ত ৰখা সকলো নথিপত্ৰ জ্বলি যায় এই অগ্নিকাণ্ডত। যেতিয়াই এই কথা পোহৰলৈ আহে, তেতিয়াই যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Youth Arrest By Police)।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এহাল প্ৰেমিক-প্ৰেমিকা দীৰ্ঘদিনে প্ৰেমৰ সম্পৰ্কত আছিল আৰু যুৱকজনে প্ৰেমিকাক যথেষ্ট ভাল পাইছিল।
এই সকলোবোৰৰ মাজত, যুৱতীগৰাকীৰ পৰীক্ষা চলি আছিল, অৱশ্যে যেতিয়া তাইৰ ফলাফল ওলাইছিল তাত তাই ফেইল হৈছিল। ইফালে ভয়ত প্ৰথমে প্ৰেমিকক এই কথাটো কোৱা নাছিল, কিন্তু অৱেশত যেতিয়া যুৱকজনে এই কথাটো গম পালে তেতিয়া সংঘটিত এই আজৱ কাণ্ড। প্ৰেমিক যুৱকজনে প্ৰেমিকাক খং কৰা নাছিল তাৰ বিপৰীতে নিজৰ মগজু বেলেগ কৰবাত খটোৱালে আৰু যিটো ঘটনা শুনি সকলো আচৰিত হৈ উঠে।
দৰাচলতে প্ৰেমিকজন চিধাই স্কুলত উপস্থিত হৈছিল আৰু সি তাৰ কেইজনমান সহকৰ্মীৰ সৈতে স্কুলৰ কাৰ্যালয়ত জুই লগাই দিছিল। এই কথাটোও কোৱা হৈছে যে যুৱক আৰু যুৱতীগৰাকী খুব সোনকালেই বিয়া হ’বলৈ গৈ আছিল। অৱশ্যে, যুৱজনে এই কথাটোও ভাবিছিল যে এবছৰৰ পিছত পুনৰ বিয়া পিছুৱাই নাযাওক যাতে, যাৰ বাবে যুৱকজনে স্কুলত জুই লগাই দিয়ে (Set Fire In The School)। অৱশ্যে, বিষয়টোৰ তদন্ত চলি আছে।
Photo: Google
Discussion about this post